নতুন সংসদ ভৱনৰ শীৰ্ষত ৬.৫ মিটাৰ ওখ ব্ৰঞ্জৰ ৰাষ্ট্ৰীয় প্ৰতীক উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

Pc Facebook

নতুন সংসদ ভৱনৰ শীৰ্ষত ৬.৫ মিটাৰ ওখ ব্ৰঞ্জৰ ৰাষ্ট্ৰীয় প্ৰতীক উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ ছাদত দিয়া ৰাষ্ট্ৰীয় প্ৰতীক উন্মোচন কৰে।ৰাষ্ট্ৰীয় প্ৰতীকটো মুঠ ৯৫০০ কিলোগ্ৰাম ওজনৰ ব্ৰঞ্জেৰে নিৰ্মিত আৰু উচ্চতা ৬.৫ মিটাৰ। ইয়াক নতুন সংসদ ভৱনৰ চেণ্ট্ৰেল ফ’য়াৰৰ শীৰ্ষত কাষ্ট কৰা হৈছে। প্ৰতীকটো সমৰ্থন কৰিবলৈ প্ৰায় ৬৫০০ কিলোগ্ৰাম ওজনৰ তীখাৰ এটা সহায়ক গাঁথনি নিৰ্মাণ কৰা হৈছে।প্ৰধানমন্ত্ৰী মোডীয়ে নতুন সংসদৰ কামত জড়িত শ্ৰমিকসকলৰ সৈতেও বাৰ্তালাপ কৰিছিল।