নতুন মানুহ
আজিৰ যুৱসমাজ
দিগ্ ভ্ৰান্ত ,
বাইকৰ অতপালি
উদ্ ভ্ৰান্ত ৷
কাণত হেডফোন
মোবাইল জেপত ,
দুই-তিনিটা উঠে
এখন বাইকত ৷
চিলনীৰ দৰে উৰে
ডেকা-ল’ৰাজাক ,
বাইকৰ শাৰী দেখি
মই হতবাক ৷
মোবাইলত গেম খেলে
চাই ফেচবুক ,
হতাশাই বেঢ়ি ধৰে
কিয় বাৰু মোক ?
অ’ত-ত’ত ঘূৰি ফুৰে
উদ্দেশ্য নোহোৱা ,
আৰু এটি কাম কৰে
ছোৱালী জোকোৱা ৷
কিমান যে শুনিবা
মুখত অশ্লীল মাত ,
আৰু যে ফপৰা ঢং
কি যে হেয়াৰ কাট্ ৷
আজিৰ সমাজৰ
নতুন মানুহ ,
তাকে যদি বেয়া দেখো
মই অমানুহ ৷
–অৰুণা গোস্বামী
তিতাবৰ