নতুন বছৰে হাঁহি বিয়পাওক
নৱজাত শিশুৰ মিচিকনিটিৰ পৰা বৃদ্ধৰ সোলা হাঁহিটোত আৱেদন থাকে , সময়ৰ ; জীৱনৰ । এনেয়ে জানো কয় – “হাঁহি ব্যক্তিত্বৰ অলংকাৰ” । গোমা বতৰ যিদৰে বিৰক্তিকৰ , শেঁতা মুখমণ্ডলো তেনেদৰে অনাকৰ্ষণীয়। উজ্জ্বল হাঁহিয়ে একমাত্ৰ আহিলা যি বিয়পাব পাৰে ইতিবাচক বাৰ্তা । তথাকথিত দুখ বিলাস যেন মানুহৰ বাবে হৈ পৰিছে এক অভ্যাস । ফলশ্ৰুতিত আমি পাহৰিছোঁ আগন্তুকজনক এটি মিঠা হাঁহিৰে সম্ভাষণ জনাবলৈ নতুবা যন্ত্ৰ হোৱাৰ দৌৰত আমি আহৰি পোৱা নাই প্ৰাণখুলি হাঁহিবলৈ । কৃপণালি নকৰাকৈ মুখত হাঁহি এটি ওন্দোলাই ৰখা সেই মুষ্টিমেয় এচাম মানুহৰ মাজত যদি আপুনিও আছে তেন্তে অভিনন্দন আপোনালৈ । সিদিনা কনমানি ভাগিনজনীয়ে তাইৰ বিশেষ দিনটোত শুভেচ্ছা জনাবলৈ অহা চিনাকি-অচিনাকি সকলোকে দুওঁঠত মিঠা হাঁহি এটি পিন্ধি আন্তৰিকতাৰে মাত দিছে । পাছ মুহূৰ্ততে কৈছে , “মই চিনিয়ে নাইপোৱা জানা । তথাপিও মাত দিছোঁ , বেয়া পাব নহয় ।” দহ/এঘাৰ বছৰীয়া ছোৱালীজনীৰ সৌহাৰ্দপূৰ্ণ ব্যৱহাৰ সঁচাকৈ আদৰণীয় । মই নো আপোনাক ক্ষন্তেকীয়া সময়কণত দিমেইবা কি ? এখনি হাঁহিভৰা মুখৰ এষাৰি মাত , যি কলুষতা জাহ যাব তাত । উপন্যাসৰ পাতত পোৱাৰ দৰে “মানুহবোৰে হাতৰ মুঠিত অদৃশ্য দণ্ড একোডাল লৈ থাকে । কোন মুহূৰ্তত তাৰে বজ্ৰকোব শোধাই দিয়ে , কোনেও নাজানে ।” বৰঞ্চ সেই দণ্ড এৰি আমি জানো ল’ব নোৱাৰোঁ হাঁহিৰ আশ্ৰয় ? ভুল কিম্বা দোষ শুধৰাবলৈ অকৃত্ৰিম হাঁহিভৰা মুখৰ দাবীয়ে দেখোন মহৌষধ। আমি যে সচৰাচৰ শুভ ইচ্ছা ৰাখো “ভালে থাকক , হাঁহি থাকক” ; অলেখ বিষাদ , হতাশাক জয় কৰি সঁচাকৈয়ে হাঁহি থকাটো জৰুৰী । নিজৰ বাবে , আন দহজনৰ বাবে । দুদিনীয়া আয়ুস যুঁজত হাঁহি হাঁহি যুঁজিবলৈ কৰা অভ্যাসৰ নামেই হয়তো জীৱন । এই সুন্দৰ পৃথিৱীখনলৈ আহিছোঁ , যথাসম্ভৱ সাধ্যৰে কাল কটাইছোঁ , চকুপানীৰে নহয় হাঁহিৰে জীৱন সুন্দৰ কৰাটোহে প্ৰধান লক্ষ্য । সেয়েহে সুলভ অথচ শ্ৰেষ্ঠতম উপহাৰেৰে চহকী হ’বলৈ কৰা প্ৰয়াস বৰ্তি থাকক । নতুন বছৰে সকলোৰে অন্তৰৰ নিভৃত কোণৰ হাঁহিটি নিগৰাওক । মুঠতে হাঁহি পিন্ধি , হাঁহি বিয়পোৱাৰ যত্নত মুখৰ হওক চৌপাশ ।