নতুন দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যোগদান সভা

নতুন দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যোগদান সভা
অগপ নেতা বুবুল দাস, অশোক কুমাৰ ৰায় প্ৰধানী, বিজেপি নেতা গৌতম ধানোৱাৰ, কাৰ্বি জনগোষ্ঠীৰ নেতা লংকি টকবিৰ যোগদান
২০২৬ৰ নিৰ্বাচনৰ পিছত অসমত ঘৃণাৰ উদ্যোগ বন্ধ হৈ পৰিব আৰু প্ৰকৃত উন্নয়ন হ’বঃ গৌৰৱ গগৈ

ৰঙিলী বাৰ্ত্তাসেৱা- বিগত ১০ বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমত এটা উদ্যোগেই প্ৰাধান্য লাভ কৰিছে আৰু সেয়া হৈছে ঘৃণাৰ উদ্যোগ। নতুন দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত এক যোগদান সভাৰ অন্তত আয়োজিত সংবাদমেলত বিজেপি চৰকাৰৰ ঘৃণাৰ ৰাজনীতি উদঙাই দি এইদৰে কয় লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি, যোৰহাটৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। ”মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খোলা ঘৃণাৰ উদ্যোগ বন্ধ কৰিবলৈ আমি সংকল্প গ্ৰহণ কৰিছো। তাৰ পৰিৱৰ্তে আমি অসমত স্থানীয় যুৱক-যুৱতীক প্ৰকৃতাৰ্থত সংস্থাপন দিব পৰাকৈ নতুন নতুন উদ্যোগ গঢ় দিয়াৰ লক্ষ্য হাতত লৈছো। আমি নিশ্চিত যে অসমৰ ৰাইজেও এইবাৰ ঘৃণাৰ উদ্যোগৰ হৰ্তা-কৰ্তাসকলক বিদায় দি প্ৰকৃতাৰ্থত উদ্যোগ খুলিবলৈ আমাক সুযোগ প্ৰদান কৰিব।’’-আজি দলটোত নতুনকৈ যোগ দিয়া নেতাসকলক আদৰণি জনাই এইদৰে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। উল্লেখ্য যে, সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে ছেপ্টেম্বৰ মাহৰ পৰা প্ৰতিটো মাহৰে ১০ তাৰিখে কংগ্ৰেছ দলত বিজেপি-অগপৰ লগতে ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰি আহিছে। এইবাৰ সংসদৰ চলিত শীতকালীন অধিৱেশনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ব্যস্ত থাকিবলগীয়া হোৱা বাবে ১০ ডিচেম্বৰৰ পৰিৱৰ্তে ১২ ডিচেম্বৰ অৰ্থাৎ আজি নতুন দিল্লীত যোগদান কাৰ্যসূচী সম্পন্ন হয়। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে. চি. বেণুগোপাল আৰু অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত এই যোগদান কাৰ্যসূচীত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগ দিয়ে দিনদিয়েক পূৰ্বে বিজেপি দল ত্যাগ কৰা চাহ জনগোষ্ঠীৰ সক্ৰিয় নেতা গৌতম ধানোৱাৰ, কাৰ্বি জনগোষ্ঠীয় নেতা লংকি টকবি, অসম গণ পৰিষদৰ নেতা তথা প্ৰাক্তন বিধায়ক বুবুল দাস আৰু অগপৰ ধুবুৰী জিলাৰ জ্যেষ্ঠ নেতা অশোক কুমাৰ ৰায় প্ৰধানীয়ে। নেতাকেইগৰাকীৰ যোগদানে অনাগত দিনত কংগ্ৰেছ দলক অধিক শক্তিশালী কৰি তুলিব বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ আৰু কয় যে অসমত এতিয়া পৰিস্থিতি সলনি হৈ পৰিছে। ”হিমন্ত বিশ্বৰ অপশাসনত অতিষ্ঠ হৈ অসমৰ ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে। সেয়ে ৰাহুল গান্ধীৰ ‘ভোট চোৰ গাদী ছোড়’ আন্দোলনৰ প্ৰতি সহাৰি জনাই অহা ১৪ ডিচেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হ’বলগীয়া বিশাল প্ৰতিবাদী সভাত অংশগ্ৰহণৰ বাবে অসমৰ পৰা কেবাহাজাৰ লোক ৰাওনা হৈছে।’’-গগৈয়ে কয়। সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত গগৈয়ে আৰু কয় যে অসমৰ জনসাধাৰণে এতিয়া ভয়মুক্ত পৰিৱেশ বিচাৰিছে। অসমত এতিয়া মানুহে প্ৰশ্ন কৰিবলৈ ভয় কৰে, আন দলৰ সভালৈ যাবলৈ ভয় কৰে। আনকি ছ’চিয়েল মিডিয়াত মনৰ কথা লিখোতেও ভয় কৰিবলগীয়া হৈছে। গগৈয়ে কয়, ”অসমৰ আটাইতকৈ অহংকাৰী নেতাজনে নিজকে ৰজা বুলি ভাবে বাবেই এনে পৰিৱেশৰ উদ্ভৱ হৈছে। আহি থকা দিনবোৰত আমি তেওঁক ৰামায়ণ আৰু মহাভাৰতত উল্লেখ থকা অহংকাৰীৰ যে পতন নিশ্চিত সেই শিক্ষা প্ৰদান কৰিম।’’ কংগ্ৰেছ দল অসমৰ ৰাইজৰ সৈতে আছে আৰু এইবাৰ অহংকাৰ মুখ্যমন্ত্ৰীক ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিব বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। আনহাতে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ চাৰ্জশ্বিট সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে গগৈয়ে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, ”চাৰ্জশ্বিট কেনেদৰে দাখিল কৰা হৈছে, কি কি তথ্য আছে, প্ৰমাণসমূহ কিমান ভালদৰে এছআইটিয়ে সংগ্ৰহ কৰিছে, গোটেইখিনি কথা আদালতৰ বিচাৰ প্ৰক্ৰিয়াত জানিব পৰা যাব।’’ তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনৰ দিনত একাধিক ঘটনাত এজাহাৰ দাখিলৰ পিছত গোচৰ আদালতলৈ যায়, চাৰ্জশ্বিটো দাখিল কৰা হয় আৰু শেষত আদালতত সেয়া খাৰিজ হৈ যোৱা দেখান গৈছে। গতিকে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত ৰাইজৰ সৈতে কংগ্ৰেছ দলেও সকলো লক্ষ্য কৰি থাকিব বুলি গগৈয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ কিছু বক্তব্য সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে আজি পুনৰ পিতৃ তৰুণ গগৈৰ শৈলীৰে ‘বাদ দিয়াহে’ বুলি কয়। ইফালে, কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষগৰাকীয়ে বিজেপিত যোগ দিয়া সন্দৰ্ভত কৰা প্ৰশ্নৰো গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া চাই বিজেপিয়ে কিমান আমনি পাইছে সেয়া এই কথাই প্ৰমাণ কৰিছে। গগৈয়ে কয়, ”মুখ্যমন্ত্ৰীয়ে খুব আমনি পাইছে আমাৰ ছ’চিয়েল মিডিয়া চাই চাই। সেয়ে তেওঁক লৈ গৈ হয়তো ভাবিছে যে আমাৰ বহুত ক্ষতি হ’ব। পিছে আমাৰ একো ক্ষতি নহয়। আমাৰ ছ’চিয়েল মিডিয়া আহি থকা দিনবোৰত আৰু অধিক শক্তিশালীহে হ’ব।’’ আনহাতে, কংগ্ৰেছ দলৰ শেহতীয়া প্ৰদৰ্শন সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। গগৈয়ে কয়, ”২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু মোদীয়ে ৪০০ পাৰৰ সপোন দেখিছিল। কিন্তু সেয়া নোহোৱাত বিজেপি আৰু মোদীজী হতাশ হৈ পৰে। লোকসভা নিৰ্বাচনৰ ফলাফললৈ চালে স্পষ্ট হৈ পৰে যে মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয় নিশ্চিত আছিল। নিৰ্বাচন নিকা আৰু স্বচ্ছ হোৱাহেতেন মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত আমাৰ জয় হ’লহেতেন আৰু তাৰ ইতিবাচক প্ৰভাৱেৰে বিহাৰতো আমাৰ জয় হ’লহেতেনে। হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু বিহাৰত আমাৰ জয় হ’লে মোদী চৰকাৰ কেন্দ্ৰত এদিনো টিকি থাকিব নোৱাৰিলেহেতেন। এই কথা ভালকৈ বুজি উঠিছিল বাবেই বিজেপিয়ে এছআইআৰ, নিৰ্বাচন আয়ুক্তক অত্যাধিক ক্ষমতা প্ৰদান আদিৰে ভোট চুৰি কৰি হ’লেও নিৰ্বাচনত জয়ী হোৱাৰ ব্যৱস্থা কৰি লৈছে।’’ উল্লেখ্য যে, আজিৰ সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, পৃথ্বিৰাজ সাথে, সহঃ তত্বাৱধায়ক মনোজ চৌহান, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাসহ কেবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে।