নতুন দিল্লীত ‘ৰাইজিং নর্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

নতুন দিল্লীত ‘ৰাইজিং নর্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ ৰাজধানী নতুন দিল্লীৰ ভাৰত মণ্ডপমৰ কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত ‘ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট-২০২৫’ শীর্ষক বাণিজ্যিক সন্মিলনৰ শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।সন্মিলনখন শুভ উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলত নিহিত হৈ থকা বাণিজ্যিক সম্ভাৱনাক লৈ দেশৰ উদ্যোগপতিসকলক উৎসাহিত কৰে। নিজ ভাষণত প্রধানমন্ত্রী মোদীয়ে কয় যে সামগ্রিকভাৱে পূব ভাৰতৰ উন্নয়ন অবিহনে উন্নত ভাৰতৰ কেতিয়াও কল্পনা কৰিব নোৱাৰি। আমাৰ বাবে ‘ইষ্ট (EAST) কেৱল এটা দিশ নহয়। ‘ইষ্ট (EAST) সবলীকৰণ (Empower), কার্য সাধন (Act), শক্তিশালীকৰণ (Strengthen) আৰু ৰূপান্তৰ (Transform)। যিয়ে অঞ্চলটোৰ বাবে নীতিগত কাঠামোৰ সংজ্ঞাক সূচিত কৰে। তেওঁ কয় যে এই পন্থাই পূব ভাৰত বিশেষকৈ উত্তৰ-পূবক ভাৰতৰ বিকাশৰ পৰিক্ৰমাত কেন্দ্রীয় স্থান হিচাপে প্রোথিত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত ১১ বছৰত উত্তৰ-পূৰ্বাঞ্চলত প্রত্যক্ষ হোৱা ৰূপান্তৰশীল পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি কয় যে এই অগ্রগতি কেৱল পৰিসংখ্যাতে প্রতিফলিত হোৱা নহয়, বৰঞ্চ তৃণমূল পর্যায়তো স্পষ্ট হৈ পৰিছে। অঞ্চলটোৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ সংযোগ কেৱল নীতিগত ব্যৱস্থাতে সীমাবদ্ধহৈ নাথাকি জনসাধাৰণৰ সৈতে আন্তৰিক সংযোগ স্থাপন হৈছে।  কেন্দ্রীয় মন্ত্রীসকলে ৭০০ৰো অধিক ভ্ৰমণত গুৰুত্ব উত্তৰ-পূৰ্বাঞ্চলক বুজি পোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ দায়বদ্ধতা প্ৰদৰ্শন, জনতাৰ আকাংক্ষাৰাজিৰ উমান লোৱা আৰু জনতাৰ আস্থা অর্জনেৰে উন্নয়ন নীতিলৈ ৰূপান্তৰিতকৰণত আলোকপাত কৰিছে। আন্তঃগাঁথনি প্রকল্পসমূহ কেৱল ইটা আৰু চিমেণ্টৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ ই আৱেগিক সংযোগৰ মাধ্যম হিচাপে কাম কৰিছে। তেওঁ লুক ইষ্টৰ পৰা এক্ট ইষ্টলৈ পৰিৱৰ্তনৰ কথা উল্লেখেৰে কয় যে এই সক্রিয় পন্থাই দৃশ্যমান ফলাফল প্রদান কৰিছে। এটা সময়ত উত্তৰ-পূৰ্বাঞ্চলক কেৱল ফ্রন্টলাইন অঞ্চল বুলি কোৱা হৈছিল। কিন্তু আজি ই ‘বিকাশৰ ফ্ৰণ্ট-ৰানাৰ’ হিচাপে আত্মপ্রকাশ কৰিছে। পর্যটন খণ্ডক আকর্ষণীয় কৰি তোলা আৰু বিনিয়োগকাৰীৰ মাজত আত্মবিশ্বাস জগাই তোলাৰ ক্ষেত্ৰত শক্তিশালী আন্তঃগাঁথনিয়ে এটি মূল ভূমিকা পালন কৰে। সু-বিকশিত পথ, শক্তি আন্তঃগাঁথনি আৰু লজিষ্টিক নেটৱকে যিকোনো উদ্যোগৰ মেৰুদণ্ড হিচাপে কাম কৰে, যাৰ ফলশ্ৰুতিত নিৰৱচ্ছিন্ন বাণিজ্য আৰু অর্থনৈতিক বিকাশৰ সুবিধা প্রশস্ত হয়। আন্তঃগাঁথনি হৈছে উন্নয়নৰ ভেটি আৰু চৰকাৰে উত্তৰ-পূবত আন্তঃগাঁথনিগত বিপ্লৱৰ সূচনা কৰিছে। শান্তি আৰু আইন-শৃংখলা সকলো অঞ্চলৰেই উন্নয়নৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়-আমাৰ চৰকাৰে সন্ত্ৰাসবাদ আৰু বিদ্ৰোহৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্রহণ কৰিছে। উত্তৰ-পূবত এসময়ত অৱৰোধ আৰু সংঘাতে বিৰাজ কৰিছিল। যাতে পৰিণতিত ইয়াৰ যুৱক-যুৱতীসকলে সুযোগ লাভৰ ক্ষেত্ৰত যথেষ্ট বিৰূপ প্ৰভাৱ পৰিছিল। শান্তি চুক্তি স্বাক্ষৰৰ অৰ্থে চৰকাৰে গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ পৰিণতিত বিগত ১০-১১ বছৰত ১০ হাজাৰৰো অধিক যুৱকে শান্তিক আঁকোৱালি লৈ অস্ত্র-শস্ত্র সম্বৰণ কৰিছে। এই পৰিৱৰ্তনে অঞ্চলটোত নতুন নিয়োগ আৰু উদ্যমিতাৰ সুযোগ প্রশস্ত কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ লাখ লাখ যুৱক-যুৱতীক হাজাৰ হাজাৰ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা মুদ্রা আঁচনিৰ প্ৰসংগ অৱতাৰণা কৰি কয় যে ইয়াৰ শিক্ষা প্রতিষ্ঠানসমূহৰ উত্থানে যুৱ সমাজৰ ভৱিষ্যতৰ বাবে প্রয়োজনীয় দক্ষতা বিকাশত সহায় কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকল কেৱল ইণ্টাৰনেট ইউজাৰেই নহয়, বৰঞ্চ উদীয়মান ডিজিটেল উদ্ভাৱকো। তেওঁ ১৩,০০০ কিলোমিটাৰৰো অধিক অপ্টিকেল ফাই বাৰৰ সম্প্ৰসাৰণ, ৪-জি আৰু ৫-জি কভাৰেজ তথা প্রযুক্তি খণ্ডত ক্ৰম বর্ধমান সুযোগৰ দৰে অগ্রগতিত গুৰুত্ব আৰোপ কৰে। ‘যুৱ উদ্যোগীসকলে এতিয়া অঞ্চলটোৰ ভিতৰতে বৃহৎ ষ্টার্টআপৰ আৰম্ভ কৰিছে, যিয়ে ভাৰতৰ ডিজিটেল গেটৱে হিচাপে উত্তৰ-পূবৰ ভূমিকাক সুদৃঢ় কৰি তুলিছে’ বুলি প্রধানমন্ত্রী মোদীয়ে কয়। ৰাইজিং নর্থ-ইষ্ট কেৱল এক বিনিয়োগকাৰী সন্মিলনেই নহয়, বৰঞ্চ এয়া এক আন্দোলন আৰু কাৰ্যৰ আহ্বান বুলি উল্লেখেৰে প্রধানমন্ত্রী মোদীয়ে কয় যে উত্তৰ-পূবৰ প্ৰগতি আৰু সমৃদ্ধিৰ জৰিয়তে ভাৰতৰ ভৱিষ্যৎ নতুন শিখৰত উপনীত হ’ব। প্রধানমন্ত্ৰীগৰাকীয়ে সমৱেত উদ্যোগপতিসকলৰ ওপৰত পূৰ্ণ আস্থা প্রকাশেৰে বিকাশৰ যাত্ৰাৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়। ভাষণৰ সামৰণিত তেওঁ অংশীদাৰসকলক একত্ৰিত হৈ উত্তৰ-পূবৰ সম্ভাৱনাৰ প্ৰতীক অষ্টলক্ষ্মীক এখনি বিকশিত ভাৰতৰ পথ প্ৰদৰ্শক শক্তিলৈ ৰূপান্তৰিত কৰি বলৈ আহ্বান জনায়। তেওঁ পৰৱৰ্তী ৰাইজিং নর্থ-ইষ্টলৈ ভাৰত বহুদূৰ আগবাঢ়ি যাব বুলি আশা প্রকাশ কৰে। উল্লেখ্য উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় ড’নাৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাষণ প্রদান কৰি ‘ৰাইজিং নৰ্থ ইষ্ট’ৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ শ্ৰীবৃদ্ধি কামনা কৰে। অনুষ্ঠানত গৌতম আদানি, মুকেশ আম্বানিৰ নিচিনা উদ্যোগপতিসকলে বক্তব্য ৰাখি উত্তৰ- পূৰ্বাঞ্চলত বৃহৎ উদ্যোগত বিনিয়োগৰ আশ্বাস প্রদান কৰে। লক্ষণীয়ভাৱে ৰাষ্ট্ৰপতিৰ শাসন চলি থকা মণিপুৰৰ ৰাজ্যপালৰ বাহিৰে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি আন ছখন ৰাজ্যৰ মুখ্যমন্ত্রীসকলে উদ্বোধনী অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে। লক্ষণীয়ভাৱে সন্ধিয়াৰ ভাগত অনুষ্ঠিত হোৱা ‘আন্তঃগাঁথনি আৰু লজিস্টিক’ শীর্ষক আলোচনাত মুখ্যমন্ত্রী ড° শর্মাই অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও অনিবার্য কাৰণবশতঃ তেওঁ উক্ত কার্যসূচীত উপস্থিত থাকিব নোৱাৰিলে। ইয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্রী ড° শৰ্মাক প্রতিনিধিত্ব কৰি উদ্যোগ মন্ত্রী বিমল বড়াই সংশ্লিষ্ট বিষয়ৰ ওপৰত ৰাজ্য চৰকাৰৰ বক্তব্য দাঙি ধৰে।