নতুন দিল্লীত সংঘটিত বোমা বিস্ফোৰণক সমর্থন কৰাসকল গ্ৰেপ্তাৰ হ’বঃ মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে সন্ধিয়া দেশ কঁপাই যোৱা দিল্লীৰ বিস্ফোৰণক সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ বিস্ফোৰণৰ ঘটনাক গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰে । নতুন দিল্লীত সংঘটিত বোমা বিস্ফোৰণৰ পিছত একাংশ লোকে সামাজিক মাধ্যমত পোষ্ট কৰি প্ৰকাশ কৰা আনন্দক লৈ ৰাজ্য চৰকাৰ কঠোৰ হ’ব বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়-পেহেলগাম ঘটনাৰ পিছত আৰু কালিৰ ঘটনাৰ পিছত আমি দেখিবলৈ পাইছোঁ যে সামাজিক মাধ্যমত একাংশ লোকে এই ঘটনাক হয় আদৰণি জনাইছে, নহয় খুব স্ফূর্তিৰে তেওঁলোকে কিছুমান ইম’জি পোষ্ট কৰিছে। ইয়াৰ অৰ্থ হ’ল- এইসকল ব্যক্তিয়ে সন্ত্রাসবাদক সমর্থন কৰে। কালিৰে পৰা এইসকল ব্যক্তিৰ বেকগ্রাউণ্ড পৰীক্ষা কৰি থকা হৈছে আৰু প্রয়োজন হ’লে কিছু ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ’ব। অসমত যাতে সন্ত্রাসবাদে কোনো কাৰণতে মূৰ দাঙি উঠিব নোৱাৰে আৰু তেওঁলোকে উৎসাহো যাতে পাব নোৱাৰে তাৰ বাবে চৰকাৰ কঠোৰ হ’বই। কালিৰে পৰা আমি লক্ষ্য কৰিছোঁ এচাম লোকে বিস্ফোৰণক লৈ আনন্দ প্ৰকাশ কৰিছে। যদি সন্ত্রাসবাদ আক্রমণ, মানুহৰ মৃত্যুৰ পিছত কোনোবাই আনন্দ কৰে, ইয়াৰ অৰ্থ হ’ল তেওঁলোকেও প্রত্যক্ষ বা পৰোক্ষভাৱে সন্ত্রাসবাদক সমর্থন কৰে। ইতিমধ্যে আৰক্ষী সঞ্চালকপ্রধানক নির্দেশ দিয়া হৈছে যে এই লোকসকলৰ বেকগ্রাউণ্ড পৰীক্ষা কৰিব লাগে, এওঁলোক কোন মানুহ, ক’ৰ মানুহ? যদি এই লোকসকল অসমৰ হয়, তেন্তে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ব।
