নতুন দিল্লীত সংগীত নাটক অকাডেমী বঁটা প্ৰাপকক বঁটা প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীৰ বিজ্ঞান ভৱনত সংগীত নাটক অকাডেমী বঁটা প্ৰাপক সকলক বঁটা প্ৰদান কৰা হয়৷ বৰপেটাৰ বৰগীতৰ ওজাশিল্পী গুনীন্দ্ৰ নাথ ওজাক উক্ত অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে এই বঁটা প্ৰদান কৰে৷ বিগত ২০১৯, ২০২০ আৰু ২০২১ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা প্ৰাপক সকলক নতুন দিল্লীত ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে৷ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ বিহুগীতৰ শিল্পী ডঃ প্ৰসন্ন গগৈ, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, বিশিষ্ট নাট্যকাৰ অবিনাশ শৰ্মা, সত্ৰীয়া নৃত্যশিল্পী ৰঞ্জুমনি শইকীয়াকো এই বঁটা প্ৰদান কৰা হয় ৷