নতুন দিল্লীত চীনৰ বৈদেশিক মন্ত্ৰীৰে দ্বিপাক্ষিক বৈঠক এছ জয়শংকৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত হোৱা চীনৰ বৈদেশিক মন্ত্রী বাং য়িয়ে ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এছ জয়শংকৰে চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীক আদৰণি জনায় আৰু ভাৰত-চীনৰ মাজত বিশেষ প্রতিনিধিৰ ২৪ সংখ্যক ৰাউণ্ডৰ আলোচনাত অংশগ্ৰহণ কৰে। দ্বিপাক্ষিক বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে বিবদমান সীমা সমস্যাৰ উপৰি আন্তর্জাতিক পৰিস্থিতিক লৈও আলোচনা কৰে। দুয়োপক্ষই গঠনমূলক দৃষ্টিভংগীৰে দ্বিপাক্ষীক সম্পর্ক উন্নীতকৰণত গুৰুত্ব দিব বুলিও দুয়োগৰাকী নেতাৰ আলোচনাত আশ্বাস দিয়ে। উল্লেখ্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে সীমান্ত বিষয়ক লৈ গুৰুত্বপূৰ্ণ আলোচনাৰ বাবে চীনৰ বৈদেশিক মন্ত্ৰীগৰাকী দুদিনীয়া ভ্রমণ সূচীৰে ভাৰতলৈ আহিছে। এচিঅ’ৰ বৈঠকত অংশ ল’বলৈ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ শেষৰ ফালে চীন ভ্ৰমণৰ পূৰ্বেই দেশৰখনৰ বৈদেশিক মন্ত্ৰীয়ে ভাৰতৰ সীমান্ত সমস্যাকে ধৰি বিভিন্ন বিষয়ৰ সৈতে সহমতত মিলিত হোৱাৰ বাবে দেশ ভ্রমণলৈ আহিছে।