নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ।  বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এক বৈঠকত মিলিত হয়। নৰ্থ ব্লকৰ কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ কার্যালয়ত হোৱা সাক্ষাৎকালত অসমৰ বিকাশৰ ৰূপৰেখাক প্রাধান্য দি দ্রুতগতিত উন্নয়নেৰে সমৃদ্ধ হোৱা দেশৰ আন ৰাজ্যসমূহৰ ভিতৰত অসমে কেনেদৰে আত্মপ্রকাশ কৰিছে সেই বিষয়ে আলোচনা কৰে। লগতে ২০২৭-২৮ চনৰ ভিতৰত অসমে ১০ লাখ কোটি টকাৰ জিএছডিপি গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পৰিকল্পনাৰ বিষয়েও বৈঠকত আলোচনা কৰে। কেন্দ্ৰীয় বিত্তমন্ত্রী সীতাৰমণক অৰ্থনৈতিক বিকাশত অসমে কেনেদৰে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ বিকশিত ৰাজ্যৰ সমানে আগবাঢ়িছে আৰু এইক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে মুখ্যমন্ত্রী ড° শৰ্মাই অৱগত কৰে। ৰাজ্যখনৰ অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈ কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে অনাগত দিনত কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্রত প্রয়োজনীয় সহায়-সহযোগিতা আগবঢ়াব বুলি প্রকাশ কৰে। সেইদৰে মুখ্যমন্ত্রী ড° শর্মাই কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানক সাক্ষাৎ কৰি গুৱাহাটীত আইআইএম কেতিয়া স্থাপন কৰা হ’ব সেই বিষয়েও মন্ত্ৰীগৰাকীৰ সৈতে এক আলোচনাত মিলিত হয়। ইপিনে যোৰহাট-মাজুলী সংযোগী দলঙৰ বাবে পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রালয়ে নিবিদা প্রকাশ কৰিছে। দুইলেনযুক্ত দলংসহ ৬.৮১ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণকাৰ্যৰ বাবে নিবিদাত ৬০০.৫১ কোটি টকা প্রাক্ কলন হিচাপে ধাৰ্য কৰিছে। বহু প্রতীক্ষিত যোৰহাট-মাজুলী সংযোগী দলংখনৰ পুনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিবলৈ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রালয়ে নিবিদা প্ৰকাশ কৰাত মুখ্যমন্ত্রী ড° শর্মাই সন্তোষ প্রকাশ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° শর্মাই ইয়াৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে ২০২১ চনৰ নৱেম্বৰ মাহত যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভহয়। দলংখনৰ নিৰ্মাণকাৰ্য চলিত বৰ্ষৰ জুলাই মাহত সম্পূৰ্ণ কৰাৰ সময় নির্ধাৰণ কৰা হৈছে। উত্তৰ প্ৰদেশ ৰাজ্যিক ব্রিজ কনষ্ট্রাকচন লিমিটেড (ইউপিএছবিচিএল)-এ যোৱা বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰা দলংখনৰ নিৰ্মাণকাৰ্যৰ পৰা আঁতৰি যায়। ফলত দলংখন সম্পূর্ণ হোৱাক লৈ অনিশ্চয়তা আহি পৰে। পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে উক্ত প্রতিষ্ঠানটোক কামৰ দায়িত্বৰ পৰা অব্যাহতি দিয়ে আৰু আজি নতুনকৈ দলংখন নিৰ্মাণৰ বাবে নিবিদা প্রকাশ কৰে।