নতুন দিনৰ বাবে কবিতা – প্ৰভাত বণিয়া

Pc Pexels

নতুন দিনৰ বাবে কবিতা

প্ৰভাত বণিয়া

মনোৰম ফুলৰ শৰাই তোমাৰ বাবেই
আগবঢ়াইছো তুমি সুখী‌ হোৱা
সুন্দৰ মনৰ অধিকাৰী হোৱা
ধুনীয়া হোৱা, বিনয়ী হোৱা সৎ চিন্তা
সদ্ভাৱনা হ’ক তোমাৰ জীৱনৰ পণ
জগত সুন্দৰ কৰা

সবল সুঠাম সুশ্ৰী নিটোপল দেহ,
তুমি উজলি উঠা
সুজলা সুফলা
আমাৰ কবিতাৰ সভাত

ফুলৰ শৰাই অতি হেঁপাহেৰে
তোমাৰ বাবেই আগবঢ়াইছো
হে মোৰ নৱ প্ৰজন্ম
তুমি সুখী হোৱা
নিৰ্ভিক হোৱা
জ্ঞানৰ বন্তিৰে জগত আলোকিত কৰা।

তোমাক স্বাগতম !