নতুন টার্মিনেল ভৱনৰ সমীপত নিৰ্মাণ কৰা হ’ব এৰ’ হাবঃমুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্রমণসূচীৰে শনিবাৰে অসমত উপস্থিত হৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনির্মিত নতুন টার্মিনেলৰ শুভ উদ্বোধন কৰে। নতুন টার্মিনেলৰ সন্মুখভাগত স্থাপন কৰা ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ এটা পূর্ণাবয়ব প্রতিমূর্তিও প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে নতুন টার্মিনেলৰ সমীপত আয়োজিত এক বিশাল জনসভাত ভাষণ দি মুখ্যমন্ত্রী ড° শমাই কয়- অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আজি এক ঐতিহাসিক আৰু গৌৰৱৰ দিন। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, যুগনায়ক, ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূর্তি উন্মোচন কৰাৰ লগতে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেলৰ শুভ উদ্বোধন কৰি অসমক যোগাযোগৰ অত্যাধুনিক আন্তঃগাঁথনিৰ দিশত আৰু এখোজ আগুৱাই লৈ গ’ল। যোগাযোগৰ ক্ষেত্ৰত যথাৰ্থতে এক আন্তঃৰাষ্ট্ৰীয় মানৰ আন্তঃগাঁথনি অসমক উপহাৰ দিয়াৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক গভীৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰীয়ে শুভ উদ্বোধন কৰা এই নতুন টার্মিনেলটো কেৱল এক আন্তঃগাঁথনিয়েই নহয়, বৰঞ্চ প্ৰধানমন্ত্ৰীগৰাকীৰ সবল নেতৃত্বত ৰাষ্ট্ৰৰ প্রাধান্যতাসমূহত যি নিৰ্ণায়ক পৰিৱৰ্তন হৈছে, তাৰো ই এক উজ্জ্বল প্রতীক। নতুন টার্মিনেলটোৰ বৈশিষ্ট্য সম্পর্কে উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- অত্যাধুনিক প্রযুক্তি আৰু সা-সুবিধাৰ সংমিশ্রণ ঘটা এই নতুন টার্মিনেলটো বহু দিশৰ পৰা অনন্য। এই টার্মিনেল ভৱনটো অসমৰ বাঁহেৰে, কপৌফুলৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে। কাজিৰঙাকে ধৰি আমাৰ ৰাজ্যখনৰ চহকী জৈৱ-বৈচিত্র্যক প্রতিফলিত হোৱাকৈ নিৰ্মিত এই সুন্দৰ টার্মিনেলত অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰো অপূর্ব প্রতিফলন ঘটিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদত আজি অসমে লাভ কৰা এই টার্মিনেল দেশৰ ভিতৰতে অননা সুন্দৰ টার্মিনেলৰূপে পৰিগণিত হৈছে। উল্লেখ্য যে অসমৰ সংস্কৃতি, সমাজ আৰু অৰ্থনীতিৰ অবিচ্ছেদ্য অংগ বাঁহৰ ব্যৱহাৰেৰে নতুন টার্মিনেলটোত ৫৭টা স্তম্ভনিৰ্মাণ কৰা হৈছে। ইয়াৰ বাবে ১৪০ মেট্রিকটন বাঁহৰ ব্যৱহাৰ হৈছে। কপৌফুলৰ আৰ্হিৰ বাঁহৰ খুঁটাবোৰে এই টার্মিনেলটোক বহন ক্ষমতাৰ ক্ষেত্ৰত এক সুকীয়া পৰ্যায়লৈ লৈ যোৱাৰ লগতে ৰাজ্যৰ চহকী ঐতিহ্যৰ সৈতে গভীৰভাৱে সংপৃক্ত কৰি তুলিছে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়- নতুন টার্মিনেল মুকলিৰ ফলত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জৰিয়তে বছৰি ১.৩ কোটি যাত্রীয়ে আহ-যাহৰ সুবিধা লাভ কৰিব। ভবিষ্যতে এই বিমানবন্দৰত অতিৰিক্ত টার্মিনেল নির্মাণৰো ব্যৱস্থা সন্নিবিষ্ট কৰা হ’ব। এই টার্মিনেল ভৱনৰ সমান্তৰালভাৱে ইয়াৰ সমীপতে ৬০ একৰ মাটিত এটা এৰ’ হাব নিৰ্মাণ কৰা হ’ব, য’ত হোটেল, সন্মিলন কেন্দ্র আদি বিভিন্ন-সা-সুবিধা সংযোজন কৰা হ’ব। ইয়াৰ উপৰি নিবনুৱা যুৱক-যুৱতীৰ কৰ্মসংস্থাপনৰ বাবে বিমান মেৰামতি, চোৱাচিতা আদিৰ ব্যৱস্থাযুক্ত এম আৰ অ’ কেন্দ্র, পাইলট প্রশিক্ষণ কেন্দ্র আদি বিভিন্ন ব্যবস্থা গুৱাহাটী বিমানবন্দৰত উপলব্ধ হ’ব। ৰাজ্যখনৰ আন্তঃগাঁথনিৰ বিকাশত প্রধানমন্ত্রী মোদীৰ অনবদ্য ভূমিকাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- কেইমাহমানৰ পূৰ্বে অসমলৈ আহি প্রধানমন্ত্রীয়ে অসমক গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ লগতে নুমলীগড় শোধনাগাৰত বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা প্ৰকল্প উপহাৰ দিছিল। এইবাৰ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী বিমানবন্দৰৰ নতুন টার্মিনেল উদ্বোধনৰ লগতে নামৰূপত ১২ লাখ মেট্রিকটন উৎপাদন ক্ষমতাৰ সাৰ কাৰখানাৰ ভূমিপূজন কৰিব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ গুৱাহাটীৰ বৰাগাঁৱত জাতীয় শ্বহীদসকলৰ স্মৃতিস্তম্ভলৈ গৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব। অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা তেওঁ দেশৰ প্ৰথমগৰাকী প্রধানমন্ত্রীৰূপে পৰিগণিত হ’ব। প্ৰধানমন্ত্ৰীৰ এই অসম ভ্ৰমণ ৰাজ্যখনৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। এখন নতুন অসমৰ প্ৰতিচ্ছবি আজি আমাৰ আগত দৃশ্যমান হৈছে। অহা জানুৱাৰী মাহত পুনৰ অসমলৈ আহি প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাৰ ওপৰত ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰাৰ লগতে গেলেফু আৰু কোকৰাঝাৰৰ মাজত নতুন ৰে’লপথ নিৰ্মাণৰ কামো আৰম্ভ কৰিব। মুখ্যমন্ত্রী ড° শৰ্মাই ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ উদ্বোধন তথা বৰাক উপত্যকাত নতুন ডলু বিমানবন্দৰৰ আধাৰশিলা স্থাপনৰ বাবে অহা ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীক পুনৰ অসমলৈ নিমন্ত্ৰণ কৰাৰ কথাও তেওঁ সদৰী কৰে। অসমৰ বিকাশত নিৰন্তৰ গুৰুত্ব দি অহা আৰু ৰাজ্যৰ সম্ভাৱনাৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি অসমবাসীৰ হৈ পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অসমৰ ৰাইজে এই সময়ছোৱাত পূর্বে কেতিয়াও প্রত্যক্ষ নকৰা উন্নয়ন দেখা পাবলৈ সক্ষম হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু অসমৰ প্ৰতি থকা তেওঁৰ অযুত মৰমৰ বাবেই এয়া সম্ভব হৈছে। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈক বৰ্তমানৰ প্রধানমন্ত্রী নবেন্দ্র মোদী আৰু প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ বাহিৰে আন কোনো প্রধানমন্ত্রীয়ে প্রাপ্য সম্মান প্রদর্শন কৰা নাছিল। প্রধানমন্ত্রী মোদীৰ নেতৃত্বত নিত্য-নতুন উদ্যোগ-আন্তঃগাঁথনিৰে এখন নতুন অসম নির্মাণ হৈছে। প্রধানমন্ত্ৰীৰ দৃঢ় নেতৃত্বত আজি অসমীয়াই সঁচা অর্থতে আকাশ চুবলৈ সক্ষম হৈছে। ‘এডভান্টেজ আছাম’ত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমত আজি উদ্যোগীকৰণৰ এক নতুন বাতাৱৰণ আৰম্ভ হৈছে, এটাৰ পিছত এটাকৈ ৰাজ্যখনলৈ নতুন বিনিয়োগ আহিছে। আদানি গ্রুপে এই বিমানবন্দৰৰ লগতে সমগ্ৰ ৰাজ্যখনতে এক লাখ কোটি টকা বিনিয়োগৰ সংকল্প লোৱা বুলি সদৰী কৰি তেওঁ তাৰ বাবে আদানি গ্রুপকো ধন্যবাদ জ্ঞাপন কৰে। নতুন টার্মিনেল নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্রী কিঞ্জাৰাপু ৰামমোহন নাইডুকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে ৰাজ্যত ২০৩২ চনত দ্বিতীয়টো নতুন টার্মিনেল নির্মাণৰ পৰিকল্পনা কৰিলেও যি গতিত ৰাজ্যখন বিকাশৰ দিশেৰে আগবাঢ়িছে, তালৈ চাই ২০২৮ চনতে ৰাজ্যত দ্বিতীয়টো নতুন টার্মিনেলৰ প্ৰয়োজনীয়তা আহি পৰিব। অসমক এতিয়া শান্তি, প্রগতি, বিকাশৰ দেশ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম এতিয়া অটল, অবিচলিত হৈ থিয় দি থকা দেশৰ এখন মহান ৰাজ্য। প্রধানমন্ত্রী মোদীয়ে কোৱাৰ দৰেই কিছুদিনৰ পাছত মানুহে ‘এ ফৰ এপল’ৰ সলনি ‘এ ফৰ আছাম’ বুলি ক’বলৈ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়। উদ্বোধনী অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, কেন্দ্রীয় মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডু, সৰ্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মন্ত্ৰী চৰণ বড়ো, সাংসদ দিলীপ শইকীয়া আৰু বিজুলী কলিতা মেধি, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অতুল বৰা, সিদ্ধার্থ ভট্টাচাৰ্য আৰু হেমাংগ ঠাকুৰীয়া, আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি, ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ পুত্ৰ বলীন বৰদলৈ প্ৰমুখ্যে আন বহুকেইগৰাকী সন্মানীয় অতিথিৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।
