নতুন কিতাপৰ লগত চিনাকি ” দেহে প্ৰাণে কবিতা মোৰ” – বন্দিতা শৰ্মা কন্দলি

নতুন কিতাপৰ লগত চিনাকি
” দেহে প্ৰাণে কবিতা মোৰ”

বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও

” কʼৰনা মহামাৰীৰ কালত মোৰ এনে লাগিছিল যেন কাৰাগাৰত আছোঁ। …. বিভিন্ন ধৰণৰ চিন্তা ভাৱনা ই মোক আৱৰি ধৰিছিল। মোৰ মনলৈ অহা ভাৱ বোৰ কবিতাৰ ৰূপ দিবলৈ চালোঁ।” এয়া অষ্টম শ্ৰেণীৰ ছাত্ৰ নিতিষ্মান দাসৰ মনৰ কথা। তেওঁ সদ্য প্ৰকাশিত (৩০ ডিচেম্বৰ ২০২২) দেহে প্ৰাণে কবিতা মোৰ নামৰ কবিতা পুথি খনৰ পাতনিত এই কথা লিখিছে।
কʼৰনা মহামাৰীৰ সংক্ৰমণৰ সময়ছোৱাত অন লাইন কাকত, আলোচনী আদিয়ে সাহিত্য প্ৰেমিক মানসিক ভাৱে সকাহ প্ৰদান কৰিছিল।তেনে এখন দৈনিক ই- পেপাৰ “ৰঙিলী বাৰ্তা” ত সপ্তম মানৰ ছাত্ৰ নিতিষ্মানে কবিতা লিখিবলৈ আৰম্ভ কৰে। বিদ্যালয় সমূহ বন্ধ হৈ থকা অৱস্থাত সময়ৰ সদ্ ব্যৱহাৰ কৰি তেওঁ প্ৰতি দিনাই লিখিলে এটাকৈ কবিতা।কবিতাৰেই ধৰি ৰাখিলে সেই সময়ছোৱা । সেই কবিতা সমূহ একত্ৰিত কৰি ৰঙিলী বাৰ্তাৰ মূখ্য সম্পাদক তথা স্বত্বাধিকাৰী উদ্দীপ্ত নয়ন মেধি ৰ তত্বাৱধানত প্ৰকাশ পায় দেহে প্ৰাণে কবিতা মোৰ নামৰ নিতিষ্মানৰ প্ৰথম কবিতা পুথি খনে। ১৫৬ পৃষ্ঠাৰ কবিতা পুথি খনত ৭৭ টা অসমীয়া ভাষাৰ কবিতা আৰু ৮ টা ইংৰাজী ভাষাৰ কবিতা লগ হৈ মুঠ ৮৫ টা কবিতা সন্নিৱিষ্ট হৈ আছে। কবিতা খিনিত বাস্তৱ জীৱনৰ ঘটনা পৰিঘটনা,মহান ব্যক্তিৰ পৰিচয়, প্ৰকৃতিৰ ৰঙ- ৰূপ, ঋতুৰ সৌন্দৰ্য বৰ্ণনা, জীৱন বোধ, উৎসৱ – পাৰ্ৱন আদিৰ বৰ্ণনা পোৱা যায়। ৬৪ পৃষ্ঠাত ‘ক’ত হেৰাই গʼল ‘ কবিতাটিত লিখিছে

ফাগুনৰ সেই চিলা উৰুৱা ল’ৰাটো কʼলৈ গ’ল,
ঘৰ ঘৰ খেলা সেই ছোৱালী বোৰৰ কি হ’ল?
উলাহেৰে খেলি থকা সেই ল’ৰা ছোৱালী বোৰ কলৈ গ’ল?

আকৌ ‘কিতাপ’ কবিতাত( ১০০ পৃষ্ঠাত) কৈছে –

মহান লোকৰ মহান কথা কিতাপতেই আছে,
জীৱনৰ প্ৰকৃত সুখ কিতাপতেই থাকে।

ইমান ধুনীয়া ধুনীয়া কথা কৈছে কবিতা বোৰে নহয়নে ?অকণি হঁত পঢ়ি চাবাচোন নিতিষ্মানৰ কবিতা পুথি খন। এই ৰস থকা কবিতা বোৰৰ মাজেৰে সুন্দৰ সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে। দৈনিক জনমভূমি কাকতখনৰ মইনা মেল পৃষ্ঠা ত নিতিষ্মানৰ কবিতা পঢ়িবলৈ পাইছা নিশ্চয়! ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰি থকা নিতিষ্মানে মাতৃভাষাত সাহিত্য ৰ ভঁৰাল চহকী কৰিবলৈ মাধ্যম যে অন্তৰায় নহয় তাকো প্ৰমাণ কৰি দেখুৱালে। নিতিষ্মানৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
অকণিহঁত তোমালোকে ও আজৰি সময়ৰ অপব্যৱহাৰ নকৰি গঠন মূলক ভাল লগা কাম বোৰ কৰি যাবা। ১৫০ টকা দামৰ “দেহে প্ৰাণে কবিতা মোৰ” নামৰ নিতিষ্মান দাসৰ কবিতা পুথি খন পঢ়ি চাবা বুলি আশা ৰাখিলোঁ।