নতুন অসমীয়া আধুনিক গীত ‘এটি এটি কথাৰ’ৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ মুকলি

নতুন অসমীয়া আধুনিক গীত ‘এটি এটি কথাৰ’ৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ মুকলি

গুৱাহাটীস্থিত অ’ডিটেক ষ্টুডিঅ’ত মুকলি কৰা হয় গীতটিৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা শুক্ৰবাৰে গুৱাহাটীৰ অ’ডিটেক ষ্টুডিঅ’ত এটি নতুন নিভাঁজ আৰু মিঠা অসমীয়া দৃশ্য-শ্ৰাব্য গীত “এটি এটি কথা” মুকলি কৰা হয়। গহপুৰ’ৰ প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী সুৰভী সোনমনি হাজৰিকাৰ শ্ৰুতিমধুৰ কণ্ঠৰে ৰোমান্টিক গীতটি উন্মোচন কৰে বিশিষ্ট শিল্পী শান্তা উজীৰে। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সংগীতজ্ঞ মানস হাজৰিকা, জনপ্ৰিয় সংগীত পৰিচালক পলাশ গগৈ, সংগীতকাৰ দ্বীপ ৰাজবংশী, গায়ক চাজু আদিকে ধৰি সংগীত জগতৰ গণ্য-মান্য ব্যক্তি।

এগৰাকী নাৰীৰ সিমাহীন ভালপোৱাৰ এক অনুভূতিৰ আধাৰত  গীতটি  প্ৰকাশ কৰিব বিচৰা হৈছে, আৰু এই অনুভূতিত পোৱা-নোপোৱাৰ সুখ-দুখৰ প্ৰতিফলন ঘটিছে। অপূৰ্ব কথা, সুৰ আৰু কণ্ঠৰ আন্ত্যমিলে অনন্য মাত্ৰা প্ৰদান কৰা “এটি এটি কথা” শীৰ্ষক দৃশ্য-শ্ৰাব্য গীতটোত কণ্ঠশিল্পী সুৰভী সোনমনি হাজৰিকাই কণ্ঠদান কৰাৰ লগতে সুৰ আৰু ৰচনা কৰিছে৷ সাৱলীল শব্দৰে ভৰা গীতটিয়ে শিল্পী সুৰভী সোনমনি হাজৰিকাক তেওঁৰ গায়নশৈলীত পূৰ্ণতা প্ৰকাশ কৰাত সহায় কৰিছে। গীতটিৰ অনুভূতি আৰু প্ৰকাশক জনপ্ৰিয় সংগীত পৰিচালক পলাশ গগৈৰ সাৱলীল সংগীত পৰিচালনাই অধিক শ্ৰুতিমধুৰ কৰি তুলিছে। গীতিটিৰ ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা কৰিছে অপুৰাজ গগৈয়ে। গীতটিত ভিডিঅ’ৰ ৰূপ দিলে চিনেমাটোগ্ৰাফাৰ গঅম্লান জ্যোতি ৰাজখোৱাই। গীতটিৰ সংমিশ্ৰণ কৰিছে মানস হাজৰিকা আৰু পিংকো দাসে। আবেদনময়ী আৰু নিভাঁজ দৃশ্য-শ্ৰাব্য গীতটিত অভিনয় কৰিছে দীপাংকৰ মহন্ত, জুনু নাথ, অনুষ্কা কাশ্যপ, আমাইৰা দিত্য আৰু সুৰভী সোনমনি হাজৰিকাই। এছ এছ প্ৰডাকচনৰ দ্বাৰা নিবেদিত “এটি এটি কথা” গীতটি ইতিমধ্যে ইউটিউব চেনেলযোগে সংগীত প্ৰেমীসকলৰ বাবে মুকলি কৰি দিয়া হৈছে।