নঙলামৰাত ভয়ংকৰ পথ দূৰ্ঘটনা : আহত প্ৰায় ২০ জনকৈ ফুটবল খেলুৱৈ

 নঙলামৰাত ভয়ংকৰ পথ দূৰ্ঘটনা : আহত প্ৰায় ২০ জনকৈ ফুটবল খেলুৱৈ
যদুমণি হাজৰিকা, নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- ২৬ নৱেম্বৰত দুপৰীয়া শিৱসাগৰ জিলাৰ নাজিৰাৰ সমীপৰ নঙলামৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই পথ দুৰ্ঘটনাত প্ৰাণ ২০ জন কিশোৰ ফুটবল খেলুৱৈ আহত হয় । ঘটনা মৰ্মে  শিৱসাগৰ বকতাত অনুস্থিত হোৱা ফুটবল প্ৰতিযোগিতা অংশগ্ৰহণ কৰিবলৈ এ এছ ০৪ বি চি – ৬১৫৪ নম্বৰৰ টাটা এচি বাহন খনত  গৈছিল এই ফুটবল দলটি।নঙলামৰাৰ পথৰ এটি গাতত পৰি বাহনখন দূৰ্ঘটনাত পতিত হৈ প্ৰায়সংখ্যক খেলুৱৈ কম-বেছি পৰিমাণে আঘাত প্ৰাপ্ত হয়।ঘটনাস্থলী নেমুগুৰি আৰক্ষী উপস্থিত হৈ আহত সকলক নাজিৰাৰ লিগিৰী পুখুৰীস্থ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া সোৱঁৰণি মহকুমা অসামৰিক  চিকিৎসালয়লৈ প্ৰেৰণ কৰে । দূৰ্ঘটনাত গুৰুতৰ ভাৱে  আঘাত প্ৰাপ্ত এজনক নাজিৰাৰ লিগিৰীপুখুৰী চিকিৎসালয়ৰ পৰা সংকটজনক অৱস্থাত জয়সাগৰস্থ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ‌ কৰে।