নগাওঁ পাথৰিত ভয়ংকৰ পথ দুৰ্ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- নগাওঁ পাথৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত থিতাতে এজন লোক নিহত আৰু ৩ জনলোক গুৰুতৰভাৱে আহত হৈছে। হোজাইৰ পৰা শিলচৰ সংযোগী চাৰিলেনযুক্ত পথত এই দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী ইন’ভাখনৰ পাছফালৰ এটা চকা ফুটাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত বাহনখনৰ পৰা যাত্ৰীসকল চিটিকি পৰে। আহত সকলক নগাওঁ ভোগেশ্বৰী ফুকননি অসামৰিক হাস্পতালত ভৰ্তি কৰোৱা হয়। পথৰ ডিভাইডাৰত লাগি বাহনখন ওলমি ৰৈছিল ।দুৰ্ঘটনাগ্ৰস্ত ইন’ভাখনৰ নম্বৰ এ এছ ০৯ এফ০৭৯৭।