নগাওঁ আৰক্ষীত ব্যাপক ৰদবদল
ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ ৰাজ্য কপাই যোৱা জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই নগাঁও আৰক্ষীত বৃহৎ ৰদবদল।হঠাৎ ৰদবদল কৰা হ’ল ১৪৮ জন কনিষ্টবলক। অসম আৰক্ষী আইন, ২০০৭ৰ ৪৬ নং দফাৰ অধীনত গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাছত জিলাখনৰ ভিতৰতেই ৰদবদল কৰা হৈছে আৰক্ষীসকলক । জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতেই আৰক্ষী কনিষ্টবলৰ ৰদবদলে অধিক ৰহস্যৰ সৃষ্টি কৰিছে।
