নগাঁৱৰ ৰাঙলুত ভয়ংকৰ পথ দুৰ্ঘটনা

নগাঁৱৰ ৰাঙলুত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ ৰাঙলুত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ট্ৰাক চালকৰ অতপালিৰ বাবেই সংঘটিত হ’ল এই ভয়ংকৰ দুৰ্ঘটনাটো। ভুল পথৰে অহা এখন ট্ৰাক চালকে মহটিয়াই নিলে এখন মেজিক আৰু পথচাৰীক। জানিব পৰা মতে আজি পুৱা প্ৰায় ১০ বজাত কঠিয়াতলীৰ দিশৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত ভুল পথৰে অহা WB 51C 5184 নম্বৰৰ এখন তীব্ৰ বেগী ট্ৰাকে বিপৰীত দিশৰ পৰা অহা AS02 AC 6829 নম্বৰৰ এখন মেজিকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। এই দুৰ্ঘটনাটোত গাড়ীদুখনৰ চালকসহ পাঁচজন লোক গুৰুতৰভাৱে আহত হয়। আনহাতে এই দুৰ্ঘটনাত সামান্য পৰিমাণে আহত হয় এগৰাকী পথচাৰীও। দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে কেইবাখনো সৰু-বৰ বাহন। দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকচালকজনে পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে ট্ৰাক চালক জনক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে। ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত দীঘলীয়া যানজঁটৰো সৃষ্টি হয়। বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত লোকসকলক প্ৰেৰণ কৰে চিকিৎসালৈ।