নগাঁৱৰ পুৰণিগুদামত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

নগাঁৱৰ পুৰণিগুদামত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁৱৰ পুৰণিগুদামত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি বহু ফুট উচ্চতালৈ উফৰি এটা বাসগৃহত পৰে। এই দুৰ্ঘটনাত স্কৰপিঅ’ বাহনখন ভাঙি চেপেটা হৈ পৰে আৰু বাহনখনৰ ভিতৰতে চালকজন আবদ্ধ হৈ পৰে। এই ভয়ংকৰ দুৰ্ঘটনাত চালক হিৰু কুমাৰ চেত্ৰীৰ থিতাতে মৃত্যু। হিৰু কুমাৰ চেত্ৰীৰ ঘৰ তেজপুৰৰ চতাই চাপৰিত বুলি জানিব পৰা গৈছে।