নগাঁৱৰ ধিঙত ত্ৰিপল মাৰ্ডাৰ

নগাঁৱৰ ধিঙত ত্ৰিপল মাৰ্ডাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ ধিঙৰ কাছখাটিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ।  নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত শ’লগুৰি কাছকাটিত এক লোমহর্ষক আৰু শিহৰণকাৰী হত্যাকাণ্ড সংঘটিত হয়। এমদাদুল ইছলাম নামৰ এজন লোকে নিশা প্রায় এক বজাত নিজৰ ঘৰৰ শোৱনি কোঠাৰ ভিতৰতে পত্নী আৰু দুই কন্যাক কুঠাৰেৰে ঘপিয়াই ঘপিয়াই অতি নৃশংসভাবে হত্যা কৰে।  এই নৃশংস হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। এমদাদুলৰ আক্ৰমণত নিহত হয় তেওঁৰ পত্নী তাজমিনা খাতুন , দুই কন্যা সন্তান ক্রমে আৰহানা হাচান ওৰফে মণি আৰু দিলহান হাচানওৰফে ৰাণী। প্ৰাথমিক তথ্য অনুসৰি, এই হত্যাকাণ্ডটো পাৰিবাৰিক কন্দল আৰু মতানৈক্যৰ ফলত সংঘটিত হৈছে বুলি ৰাইজে জনাইছে । পৰিয়ালটোত দীৰ্ঘদিন ধৰি চলি অহা বিবাদে শুকুৰবাৰে নিশা চৰম ৰূপ লয় আৰু এমদাদুল ইছলামে ক্ৰোধত অন্ধ হৈ এনে এক নৃশংস কাণ্ড সংঘটিত কৰা বুলি ধাৰণা কৰা হৈছে । ঘটনাটো সংঘটিত হৈছে শুই থকা অৱস্থাত । নিজৰ পৰিয়ালটো শুই থকা অৱস্থাত হত্যাকাৰী এমদাদুলে কুঠাৰেৰে ঘপিয়াই পত্নী আৰু দুই কন্যাক আক্ৰমণ কৰে । পত্নী তাজমিনা খাতুন আৰু দুই সন্তান টোপনিত থকা অৱস্থাতে এই আক্ৰমণৰ সন্মুখীন হয় । যাৰ ফলত তেওঁলোকৰ মৃত্যু হয় । মাজনিশা ঘাতক এমদাদুলে কৰা আস্ফালনত প্ৰতিৱেশী সাৰ পাই লৰালৰিকৈ ঘটনাস্থলীলৈ আহে। মুহূর্ততে সেই স্থানত প্ৰায় ডেৰশ লোক আহি উপস্থিত হয়। প্রতিৱেশী আৰু স্থানীয় ৰাইজক দেখি ঘাতক এমদাদুলে পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় লোকে তেওঁক কৰায়ত্ত কৰি নিশা দুই মান বজাত এজোপা গছত ৰছীৰে বান্ধিথয়। প্ৰতিৱেশীয়ে প্ৰকাশ কৰা অনুসৰি, ঘাতক এমদাদুলে হত্যাকাণ্ড সংঘটিত কৰি আস্ফালন কৰাৰ লগতে কুঠাৰেৰে ঘৰৰ দুৱাৰ, গ্ৰীলৰ দৰ্জা আদিত ঘপিয়াই তাণ্ডৱ চলায়। ঘাতকক ৰাইজে গছত বান্ধি থোৱাৰ সময়ত স্থানীয় লোকে তেওঁক কিয় এই হত্যাকাণ্ডসংঘটিত কৰিলে বুলি প্রশ্ন কৰাত তেওঁ (মাটিৰ বাবেই সিহঁতক মাৰি পেলালোঁ) বুলি মন্তব্য কৰে। লগতে তেওঁৰ আক্ৰমণত ইতিমধ্যেই মৃত্যু হোৱা পত্নী আৰু দুই কন্যাৰ মুখকেইখন অন্তিমবাৰলৈ চাবলৈ ইচ্ছা প্রকাশ কৰে। ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ধিং আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে । নিশা ২ বজামানত সংঘটিত এই হত্যাকাণ্ডই এতিয়া জোকাৰি গৈছে সমগ্ৰ ধিং অঞ্চল । ইফালে ঘটনা সংঘটিত কৰাৰ পিছত ৰাইজে হত্যাকাৰী এমদাদুলক আটক কৰি ৰছীৰে বান্ধি থয় । পাছত ধিং আৰক্ষীয়ে এমদাদুল ইছলামক গ্ৰেপ্তাৰ কৰে । তেওঁক জেৰা কৰি প্ৰাথমিক স্বীকাৰোক্তি লাভ কৰা হৈছে বুলি জানিব পৰা গৈছে ।নিশাই স্থানীয় লোকে এই লোমহর্ষক হত্যাকাণ্ডৰ সন্দৰ্ভত স্থানীয় শ’লগুৰি পৰা চকীৰ আৰক্ষীক খবৰ দিয়ে। লগতে ডুমডুমীয়া আৰক্ষী চকী আৰু ধিং আৰক্ষী থানাতো খবৰ দিয়ে স্থানীয় লোকে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে স্থানীয় ৰাইজে আটক কৰি থোৱা ঘাতক এমদাদুলক চমজি লৈ গ্ৰেপ্তাৰ কৰে। ঘটনাস্থলীত ধিং আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ হত্যাকাণ্ডটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে ঘাতকে হত্যাকাণ্ডত ব্যৱহাৰ কৰা তেজলগা কুঠাৰখনো জব্দ কৰে। লগতে তিনিওটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।