নগাঁৱৰ কঠীয়াতলীত অব্যাহত বন্যহস্তীৰ উপদৱ

নগাঁৱৰ কঠীয়াতলীত অব্যাহত বন্যহস্তীৰ উপদৱ

খাইৰুল ইছলাম,কচুৱা, ৰঙিলী বাৰ্ত্তাসেৱা-নগাঁও জিলাৰ কঠীয়াতলী বন কাৰ্য্যালয়ৰ অন্তৰ্গত ভিন্ন প্ৰান্তত আজিও অব্যাহত আছে বন্যহস্তীৰ উপদৱ । নিশা হলেই শগুণবাহী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা প্ৰায় ২০০ জনীয়া হাতীৰ বৃহৎ জাক এটাই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ভিন্ন প্ৰান্তত চলাই আহিছে সন্ত্ৰাস । প্ৰায় ১০ দিন ধৰি হাতীৰ জাকটোৱে নিজ কঠীয়াতলী, মহগড়, আহোম গাঁৱৰ কৃষকৰ শ শ বিঘা ধান খাই তহিলং কৰাৰ লগতে বহু বিঘা পাচলি খেতি অনিষ্ট কৰাত কান্দোনত ভাঙি পৰিছে কৃষক সকল । পাচলি খেতি কৰি পৰিয়াল পোহপাল দিয়া কৃষক সকলৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । চৰকাৰক এইসকল ভুক্তভোগী কৃষকক ক্ষতিপূৰণ দিবলৈ অনুৰোধ জনাইছে । ইফালে হাতীৰ জাকটোত এটা নিচেই কনমানি হাতী পোৱালিক আঘাটপ্ৰাপ্ত অৱস্থাত প্ৰত্যক্ষ কৰিছে স্থানীয় লোকে । হাতী পোৱালিটোৰ এটা ভৰি ফুলি যোৱাৰ বাবে ভালকৈ খোজকাঢ়িব পৰা নাই । যাৰ বাবে উক্ত হাতী পোৱালিটোক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ স্থানীয় লোকে বন বিভাগক অনুৰোধ জনাইছে ।