নগাঁৱৰ কঠিয়াতলীত পত্নীক নৃশংসভাৱে হত্যা কৰিলে স্বামীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁৱৰ কঠিয়াতলী চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ পত্নীক নৃশংসভাৱে হত্যা কৰিলে স্বামীয়ে। ঘটনা অনুসৰি, কঠীয়াতলী টুবুকী গ্ৰাণ্টত তিনি মাহ মানৰ আগতে সৰু এটা ঘৰ সাজি বসবাস কৰি আছিল ডিম্বেশ্বৰ গগৈ, পত্নী ৰমলা কোঁৱৰ আৰু এটি সন্তানে। দুদিন ধৰি ৰমলা কোঁৱৰক পৰিয়ালৰ মানুহে দেখা নোপোৱাত বিচাৰ-খোচাৰ কৰি তলা মাৰি থোৱা ঘৰটোৰ তলা ভঙাত মজিয়াত কাপোৰৰে ঢাকি থোৱা অৱস্থাত ৰমলাৰ নিথৰ দেহ দেখা পায়। পৰিয়ালৰ লোকে শৰীৰত আঘাতৰ চিন দেখা পাই ই এক হত্যাকাণ্ড বুলি জানি কঠীয়তলী আৰক্ষীক জনোৱাত নগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। অনুমান হয়- ১৫ জুলাই মানতে ডিম্বেশ্বৰ গগৈয়ে হত্যাকাণ্ড সংঘটিত কৰি তিনি বছৰীয়া সন্তানটোক লৈ পলাই যায়। প্রতিবেশীৰ পৰা জনা মতে, জুমৰমুৰ গাঁৱৰ আদিবাসী ছোৱালী ৰমলা কোঁৱৰক বিয়া পাতি দুয়ো দিনহাজিৰা কৰি সংসাৰ কৰি আহিছিল। ডিম্বেশ্বৰ গগৈৰ পৰিচয় প্রতিবেশীয়েও ভালকৈ নাজানে। আচল ঘৰ বোকাখাতত বুলি গম পাইছে। ২৫ বছৰীয়া ৰমলা কোঁৱৰক কি কাৰণত হত্যা কৰিলে, আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। আজি মৃতদেহ দণ্ডাধীশৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। শেহতীয়াকৈ কঠীয়াতলী আৰক্ষীয়ে ডিম্বেশ্বৰ গগৈক গ্ৰেপ্তাৰ কৰি নগাঁৱলৈ আনে। আটকাধীন ডিম্বেশ্বৰক পত্নীক হত্যা সন্দর্ভত সোধাত তেওঁ কয়- ‘চাৰি-পাঁচবাৰকৈ পলাই গৈছিল, সেইকাৰণে মাৰি পেলালোঁ, কি কৰিব। মোৰ নহ’ল যেতিয়া মই কাৰো হ’বলৈ নিদিওঁ। ধুনীয়াকৈ বজাব নিউজটো।’