নগাঁৱত বিভিন্ন বিভাগৰ মুৰব্বীৰে পৰ্যালোচনা বৈঠক মন্ত্ৰী ৰূপেশ গোৱালাৰ

নগাঁৱত বিভিন্ন বিভাগৰ মুৰব্বীৰে পৰ্যালোচনা বৈঠক মন্ত্ৰী ৰূপেশ গোৱালাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও জিলা আযুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত চাহ কল্যাণ, চাহ জনজাতি, গৃহ বিভাগৰ কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ সভাপতিত্বত জিলাখনৰ শ্রম বিভাগ, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, বিদ্যুৎ, শিক্ষা, মহিলা আৰু শিশু উন্নয়ন বিভাগ, উদ্যোগ, মহকুমা কল্যাণ বিভাগ, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মুৰব্বী বিষয়াসকল আৰু চাহ বাগিচাৰ প্ৰবন্ধকৰ এখন গুৰুত্বপূৰ্ণ পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ আৰম্ভণিতে জিলা আয়ুক্ত দেৱাশিস শৰ্মাই আদৰণী ভাষণ দিয়ে। সভাত জিলাৰ সহকাৰী শ্ৰম আয়ুক্ত কবিতা বর্মনে দৃশ্য-শ্রব্য মাধ্যমেৰে মন্ত্ৰীগৰাকীক জিলাখনৰ ২৪খন চাহ বাগিচাৰ লগতে বৰ্তমান বিভাগৰ দ্বাৰা ৰূপায়িত বিভাগীয় কার্যকলাপসমূহৰ বিশদ বিৱৰণ দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ চাহ বাগিচাসমূহৰ চিকিৎসালয়সমূহৰ বৰ্তমানৰ স্থিতিৰ বুজ লৈ চিকিৎসালয়সমূহত চিকিৎসককে ধৰি খালী হৈ থকা চিকিৎসাকর্মীৰ পদসমূহত এই মাহৰ ভিতৰতে নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চাহ বাগিচা কর্তৃপক্ষক নির্দেশ প্রদান কৰে। চাহ বাগিচা অঞ্চলৰ মহিলাই যাতে সুস্থ-সবল মাতৃত্ব লাভকৰে, তাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা ‘চাহ বাগিচা মজুৰি ক্ষতিপূৰণ আঁচনি’ৰ পৰা কোনো এগৰাকী গৰ্ভৱতী মহিলা যাতে বঞ্চিত নহয়, তাৰ বাবে বাগান কর্তৃপক্ষৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়াসকলক নির্দেশ প্রদান কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ‘জল জীৱন’ মিছনৰ অধীনত জিলাখনৰ চাহ বাগিচাসমূহত বিশুদ্ধ খোৱাপানী যোগান ব্যৱস্থাৰ বৰ্তমানৰ স্থিতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে চাহ বাগিচাসমূহৰ প্ৰতিঘৰতে যাতে বিশুদ্ধ খোৱাপানী পায়, তাৰ নিশ্চয়তা সুনিশ্চিত কৰিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ প্রদান কৰে। চাহ বাগিচাৰ অঞ্চলসমূহত শিক্ষা ব্যৱস্থা উন্নীতকৰণৰ বাবে স্থাপন কৰা মডেল হাইস্কুল আৰু প্ৰাথমিক বিদ্যালয়সমূহত নিয়মীয়া পাঠদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত বিভাগীয় বিষয়াসকলক নিয়মীয়াকৈ বিদ্যালয়সমূহ পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্রদান কৰে। বৰ্তমান সময়ত আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে চাহ বাগিচা অঞ্চলসমূহত যাতে আধাৰ কাৰ্ডৰ বাবে কোনো শ্রমিক বঞ্চিত নহয়, তাৰ বাবে বৰ্তমান আধাৰ কাৰ্ড বনোৱাৰ প্ৰক্ৰিয়া চলি থকা শিবিৰসমূহত শ্রমিকসকলে তাৰ সুবিধা গ্ৰহণ কৰিবৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ চাহ বাগিচাৰ কর্তৃপক্ষ আৰু দল-সংগঠনক আহ্বান জনায়। চাহ বাগিচাত কৰ্মৰত শ্ৰমিকসকলৰ পিএফ, গ্ৰেচুইটীৰ সুবিধা সময়মতে প্রদান কৰিবলৈ বাগান কর্তৃপক্ষক মন্ত্ৰীগৰাকীয়ে নির্দেশ প্রদান কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ইটাভাতাসমূহৰ শ্ৰমিক সকলৰ মজুৰি, সামাজিক সুৰক্ষা আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষা আদি বিষয়সমূহত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ জিলা সহকাৰী শ্ৰম আয়ুক্তগৰাকীক নির্দেশ প্রদান কৰাৰ লগতে জিলাখনৰ বৃহৎ মল, হোটেলসমূহ নিয়মীয়াকৈ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ প্রদান কৰে। তদুপৰি মন্ত্ৰীগৰাকীয়ে জিলাখনৰ শিশু শ্রমিকৰ উদ্ধাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লৈ জিলাখনত শিশু শ্রমিক উদ্ধাৰ অভিযান আৰু তীব্ৰতৰ কৰিবলৈ আহ্বান জনায়। চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অধীনত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ কামসমূহ সঠিকভাৱে ৰূপায়ণ কৰিবলৈ লগতে চাহ বাগিচাসমূহত থকা অংগনৱাড়ী কেন্দ্রসমূহ সঠিকভাৱে পৰিচালিত হৈছেনে নাই তাক নিয়মীয়াকৈ নিৰীক্ষণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নির্দেশ প্রদান কৰে। শেষত মন্ত্ৰীগৰাকীয়ে চাহ বাগিচা অঞ্চলসমূহত বৰ্তমান চৰকাৰে ৰূপায়ণ কৰি থকা আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক আহ্বান জনায়। আজিৰ এই বৈঠকত বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, অসম চৰকাৰৰ চাহ কল্যাণ, পঞ্চায়ত আৰু গ্রামোন্নয়ন, পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব জেবি এক্কা, জিলা উন্নয়ন আযুক্ত দেৱযানী চৌধুৰী, ৰহা সম-জিলাৰ সম-আয়ুক্ত ফিলিছ ভিএলএইচ হ্ৰংচাল, কলিয়াবৰ সম-জিলাৰ সম-আয়ুক্ত ৰাজ বৰুৱা, অতিৰিক্ত আয়ুক্ত ক্ৰমে মনোৰমা মৰাং, পংকজ ৰাজবংশী, দেৱাহুতি বৰা, সুদীপ নাথ, সৌভিক ভূঞা, সহকাৰী আয়ুক্ত শিল্পীৰেখা পণ্ডিত, তেজষ অগ্নিহোত্রী, জুতিকা কুমাৰীকে প্ৰমুখ্য কৰি জিলাখনৰ চাহ বাগানৰ পৰিচালক, ফেক্টৰী ইন্সপেক্টৰ, আছাৰ প্ৰতিনিধি, আটাছাৰ প্ৰতিনিধি আৰু চাহ বাগিচাৰ বিভিন্ন সংস্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে।