নগাঁৱত কেৰেলা আৰক্ষীৰ আভিযান

নগাঁৱত কেৰেলা আৰক্ষীৰ আভিযান

টুকটুকী, আদিলুৰ ৰহমান, ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ জুৰীয়াত বহিঃৰাজ্য কেৰেলাৰ পৰা অহা আৰক্ষীৰ দলে অভিযান চলাই এটা পলাতক অপৰাধীক আটক কৰা ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিজৰ পত্নীক হত্যা কৰাৰ অপৰাধত আটক কৰা অপৰাধীটো হৈছে জুৰীয়া আৰক্ষী থানাৰ এলেকাধীন তিনিচুকীয়াৰ ফক্কৰ উদ্দিন ৷ প্ৰাপ্ত খবৰ মতে, কৰ্মসূত্ৰে দীৰ্ঘদিন ধৰি পত্নীসহ কেৰেলাত আছিল ধৃত ফক্কৰ উদ্দিন ৷ কিন্তু পৰকীয়া প্ৰেমৰ সন্দেহত যোৱা পহিলা এপ্ৰিলত ফক্কৰ উদ্দিনে নিজৰ পত্নীক চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰিছিল ৷ পিছত পত্নীহন্তা ফক্কৰ উদ্দিনে কৌশলেৰে কেৰেলাৰ পৰা পলাই আহিছিল নগাঁৱৰ জুৰীয়ালৈ ৷ ইফালে, উক্ত হত্যাকাণ্ডৰ সন্দৰ্ভত কেৰেলা আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি হত্যাকাৰী ফক্কৰ উদ্দিনৰ সন্ধানত তীব্ৰ অভিযান অব্যাহত ৰাখিছিল ৷ ইয়াৰ মাজতে আজি গোপন সূত্ৰৰ পম খেদি কেৰেলা আৰক্ষীৰ অভিযানকাৰী দল জুৰীয়াত উপস্থিত হয় আৰু জুৰীয়া আৰক্ষীৰ সহযোগত অভিযান চলাই পত্নীহন্তা ফক্কৰ উদ্দিনক জুৰীয়াৰ তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে কেৰেলা আৰক্ষীয়ে ফক্কৰ উদ্দিনক নিজৰ জিম্মাত লৈ কেৰেলা অভিমুখে ৰাওঁনা হৈছে বুলি জানিব পৰা গৈছে ৷