নগাঁৱত ঐতিহাসিক অসমীয়া ভাষা আন্দোলনৰ শ্বহীদ মফিজুদ্দিন আহমেদক স্মৰণ

নগাঁৱত ঐতিহাসিক অসমীয়া ভাষা আন্দোলনৰ শ্বহীদ মফিজুদ্দিন আহমেদক স্মৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁওস্থিত লায়ন্স ক্লাৱৰ প্ৰেক্ষাগৃহত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যসূচী হিচাপে ১৯৬০ চনৰ অসমৰ ৰাজ্য ভাষা আন্দোলনৰ শ্বহীদ মফিজুদ্দিন আহমেদৰ সোঁৱৰণত পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি জয়নুদ্দিন আহমেদৰ পৌৰোহিত্বত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ সভাত অসম সাহিত্য সভাৰ সভাপতি ড° সুৰ্যকান্ত হাজৰিকাই শ্বহীদজনাৰ প্ৰতি শ্ৰদ্ধা জনাই বক্তব্য প্ৰদান কৰে ৷ বিশিষ্ট বক্তা হিচাপে পৰিষদৰ মুখ্য উপদেষ্টা ড° চহিৰ ভুঞাই ভাষণ দিযে। নিৰ্দিষ্ট বক্তা ৰূপে অৱসৰপ্ৰাপ্ত বুৰঞ্জী বিভাগৰ অধ্যাপক মুহিউদ্দিন আহমেদে শ্বহীদ মফিজুদ্দিন আহমেদৰ নামত নগাঁৱৰ ডিমৰুগুড়ি বালিভূই-পলিটেক্‌নিক সংযোগী পথটিৰ নামাকৰণৰ দাবী জনায় ৷ নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত চন্দ্ৰ মহন্তই সঞ্চালন কৰা সভাখনত সন্মানীয় অতিথি ৰূপে পৰিষদৰ সভাপতি নুৰুল হকে ভাষণ প্ৰদান কৰাৰ উপৰিও পৰিষদৰ উপসভাপতি চহিদ আলি আহমেদ, মজিদ জহান আহমেদ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জালাল উদ্দিন আহমেদ, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভপতি ৰথিমোহন নাথ, পথৰু সমন্বয় গোষ্ঠীৰ সম্পাদক মুস্তাক আহমেদ, বীৰ লাচিত সেনা, অসমৰ নগাঁও জিলাৰ সভাপতি ৰূপজ্যোতি শইকীয়া, অসম সাহিত্য সভাৰ সংবাদ বাতৰি কাকতৰ সম্পাদক গৌতম গগৈয়েও শ্বহীদ জনাৰ প্ৰতি সন্মান জনাই তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ আহ্বান জনায৷ অনুষ্ঠানটোৰ অংশ হিচাপে পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব আৰু নগাঁৱৰ এটি সজাতি দলে ডিমৰুগুড়িস্থ শ্বহীদ জনাৰ সমাধিস্থলত গছপুলি ৰোপণ কৰে ৷