নগাঁও সাহিত্য কানন মঞ্চৰ ষষ্ঠ বৰ্ষৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ প্ৰতিষ্ঠা দিৱস
ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ জিলা পুথিভঁৰালত ২৯ জুন দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে নগাঁও সাহিত্য কানন মঞ্চৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। ৰঙাজিঞা সদৰ শাখা কবি সন্মিলনৰ সভাপতি অশোক ৰাম ভট্টাচাৰ্য্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত, সভাৰ আৰম্ভনিতে গছপুলি ৰোপণ কৰে চঞ্চল দেবনাথে । বন্তি প্ৰজ্বলন কৰে চিত্তৰঞ্জন লিগিৰাই, সহযোগ কৰে হাওৰাঘাটৰ মোলান চন্দ্ৰ লস্কৰ, গোলাঘাটৰ দিলীপ তাঁতী আৰু উত্তম শৰ্মাই। ইয়াৰ পিছত আদৰণি পৰ্ব আৰু বিশেষ সম্বৰ্ধনা জনোৱা হয় ক্ৰমে,ড° হিতেশ গোস্বামী, জ্যোতিষ কুমাৰ শৰ্মা, জ্যোৎস্না ৰানী বেগম, সমাজ বন্ধু মেৰাজ ৱাচিকুৰ ৰহমান , অশোক ৰাম ভট্টাচাৰ্য্য, নূৰ মহম্মদ, ড° ইকবাল হুছেইন খান, নিৰ্মালি কাকতি, নগাঁও জিলাৰ কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক পৱণ শৰ্মা, নগাঁও জিলাৰ জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, নগাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা, অসমীয়া বিভাগ উমাৰাম দাস,ড° সূৰ্যকন্যা জুনুমণি বৰা, চামগুৰি শাখা সাহিত্য সভাৰ সভাপতি অতুল কুমাৰ নাথ আদি উক্ত অনুষ্ঠানত আঁত ধৰে প্ৰতিষ্ঠাপক, সম্পাদক হাইছ উদ্দিন আহমেদে। সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই নগাঁও সাহিত্য কানন মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক হাইছ উদ্দিন আহমেদে। অনুষ্ঠানত ঘোষা পৰিবেশন কৰে চন্দনা চৌধুৰী, বৰগীত পৰিৱেশন কৰে বন্তি হাজৰিকাই। মঞ্চৰ স্মৃতি গ্ৰন্থ “কাব্য কানন” কবিতা সংকলনখনি উন্মোচন কৰে সদৌ অসম আৰু নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক পৱণ শৰ্মাদেৱে। মৰিগাঁও জিলাৰ ৰীমা গায়ন বৰাৰ অণুগল্প সংকলন ৰূপান্তৰৰ প্ৰহেলিকা গ্ৰন্থখন উন্মোচন কৰে ড° হিতেশ গোস্বামীৱে, নগাঁৱৰ চিত্তৰঞ্জন লিগিৰা ছাৰৰ গল্প সংকলন বিয়লিৰ সুবাস উন্মোচন কৰে জ্যোৎস্না ৰানী বেগমমে ,হাইছ উদ্দিন আহমেদৰ ‘ডেউকা কটা’ চৰাই গ্ৰন্থখন উন্মোচন কৰে জ্যোতিষ কুমাৰ শৰ্মাই, সকলোৰে সহযোগত চিত্তৰঞ্জন লিগিৰাই উন্মোচন কৰে নগাঁও সাহিত্য কানন মঞ্চৰ উদ্যোগত প্লে ষ্টোৰত উপলব্ধ হ’ব নতুন কবিতা। গীত পৰিৱেশন কৰে মোস্তাকিন শ্বেখ,কৃষ্টি শৰ্মাই। উক্ত অনুষ্ঠানত কবিতা পাঠৰ অনুষ্ঠিত হয় । নগাঁও সাহিত্য কাননে অনুষ্ঠিত কৰা কবিতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলক পুৰস্কাৰ বিতৰণী, সম্বৰ্ধনা, অনুবাদক সম্বৰ্ধনা, বিশ্লেষক সম্বৰ্ধনা, অতিথি সকলক সম্বৰ্ধনা, কাব্য সৌৰভ সন্মান, সাহিত্য কানন সন্মান, কাব্য সাধনা সন্মান, কাব্য সুৰভি সন্মান, সাহিত্য সংগঠক সন্মান, কাব্য নন্দন সন্মান, সাহিত্য সুৰভি সন্মান,সুবাস কবি সন্মান, সাহিত্য সাধনা সন্মান,শ্ৰম কবি সন্মান, সেউজ কবি সন্মান, শব্দ কানন সন্মান, অনুষ্ঠান পৰিচালনা কৰা সকলক পৰিচালিকা আৰু পৰিচালক সন্মান, শেষত প্ৰতিষ্ঠাপক,সম্পাদক হাইছ উদ্দিন আহমেদক মঞ্চৰ সকলোৱেই মিলি সাহিত্য প্ৰাণ সন্মান আগবঢ়াই । সদৌ শেষত সভাপতিৰ ভাষণ , হাইছ উদ্দিন আহমেদে শলাগৰ শৰাই আৰু জাতীয় সংগীতেৰে সভা ভংগ হয়।