নগাঁও আৰক্ষীৰ বৃহৎ সফলতা

নগাঁও আৰক্ষীৰ বৃহৎ সফলতা

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও সদৰ আৰক্ষীৰ বৃহৎ সফলতা। চাইবাৰ ক্ৰাইমৰ লগত জড়িত দুজন লোকক আটক।এক নির্দিষ্ট তথ্যৰ ভিত্তিত নগাঁও আৰক্ষীয়ে নগাঁও চহৰৰ সমীপৰ চলচলিত অভিযান চলাই চাইবাৰ অপৰাধৰ লগত জড়িত এগৰাকী মহিলা আৰু এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অপৰাধী দুজন হ’ল ইছমিনা আহমেদ আৰু আছাদুল ইছলাম। উল্লেখ্য যে তেওঁলোকৰ পৰা আৰক্ষীয়ে ৩৫৮খন ছিমকার্ড, ৮টা ম’বাইল ফোন আৰু এটা লেপটপ জব্দ কৰিবলৈ সক্ষম হয়। ধৃত এই লোককেইজনৰ লগত বহিঃৰাজ্যৰ লোকৰ লগত সম্পৰ্ক থকাৰ কথা আৰক্ষীৰ সূত্ৰত প্রকাশ। অধিক তথ্য আহৰণৰ বাবে নগাঁও সদৰ আৰক্ষী থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।