নক্সালবিৰোধী অভিযান ঝাৰখণ্ডত শ্বহীদ কোকৰাঝাৰৰ জোৱান প্রাণেশ্বৰ কোচ
ৰঙিলী বাৰ্ত্তাসেৱা- চিআৰপিএফৰ কোৱা বেটেলিয়নৰ জোৱান প্রাণেশ্বৰ কোচৰ মৃত্যুৰ বাতৰিত মাণ্ডৰমাৰীত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে কোকৰাঝাৰৰ মাণ্ডৰমাৰীৰ ৰাভাপাৰা নিৱাসী বীৰেশ্বৰ কোচ আৰু ববিতা কোচৰ জ্যেষ্ঠ পুত্ৰ প্ৰাণেশ্বৰ কোচ চিআৰপিএফৰ ২০৯নং বেটেলিয়নৰ জোৱান আছিল। প্রাপ্ত বাতৰি মতে, বুধবাৰে পুৱা নক্সালৰ এম্বুচত পৰিছিল চিআৰপিএফৰ কোব্রা বেটেলিয়নৰ এটা অভিযানকাৰী দল। অভিযানকাৰী দলটোত কোকৰাঝাৰৰ মাণ্ডৰমাৰীৰ ৰাভাপাৰাৰ প্ৰাণেশ্বৰ কোচ আছিল। নক্সালৰ এম্বুচত প্রাণেশ্বৰ কোচ শ্বহীদ হোৱাৰ বিপৰীতে চিআৰপিএফৰ গুলীত আন দুটা নক্সাল নিহত হয় বুলি জানিব পৰা গৈছে। ইপিনে চিআৰপিএফ জোৱান প্রাণেশ্বৰ কোচ শ্বহীদ হোৱাৰ বাতৰি বিয়পি পৰাৰ পিছতে ৰাভাপাৰাৰ প্ৰাণেশ্বৰৰ ঘৰত কান্দোনৰ ৰোল উঠিছে। প্রাণেশ্বৰৰ পিতৃ বীৰেশ্বৰ কোচে জানিবলৈ দিয়া মতে, পুৱা চিআৰপিএফৰ ফালৰ পৰা ফোনযোগে কয় যে প্রাণেশ্বৰ কোচৰ দুৰ্ঘটনা হৈছে আৰু চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। পিছত আপোনাক আমাৰ ফালৰ পৰা সকলো খবৰ দিয়া হ’ব বুলি ব্যক্ত কৰে। কিন্তু কিছু সময় পিছতে পুনৰ ফোন কৰি প্ৰাণেশ্বৰৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে। প্রাণেশ্বৰে মৃত্যুৰ সময়ত পিতৃ-মাতৃ, ভাতৃ-ভগ্নীৰ উপৰি পত্নী আৰু এটি ৪ বছৰীয়া পুত্ৰ সন্তানক ইহসংসাৰত এৰি থৈ গৈছে। ইফালে কোকৰাঝাৰৰ মাণ্ডৰমাৰীৰ চিআৰপিএফ জোৱান শ্বহীদ প্রাণেশ্বৰ কোচৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে আগবঢ়াব ৫০ লাখ টকাৰ আৰ্থিক সাহায্য। লগতে পৰিয়ালৰ এজনক চৰকাৰী চাকৰি দিয়াৰ কথা সদৰী কৰিলে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। মন্ত্রী উত্থাও গৌৰা ব্ৰহ্মই সদৰী কৰা মতে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি বিয়লি কোকৰাঝাৰৰ মাণ্ডৰমাৰীত থকা শ্বহীদ প্রাণেশ্বৰ কোচৰ বাসভৱনত উপস্থিত হয় আৰু মুখ্যমন্ত্ৰীৰ সৈতে প্রাণেশ্বৰ কোচৰ পিতৃক ফোনযোগে কথা পতাই দিয়াৰ সুবিধা কৰি দিয়ে। সেইমতে মুখ্যমন্ত্রীয়ে ফোনযোগে শ্বহীদ প্রাণেশ্বৰ কোচৰ পিতৃৰ সৈতে কথা পাতি ৫০ লাখ টকা আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰে। লগতে পৰিয়ালৰ এজনক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্রদান কৰিছে মুখ্যমন্ত্ৰীয়ে।
