ধৰ্ষণ- ভাস্কৰ প্ৰিয়ম হাজৰিকা

Pc India Today
ধৰ্ষণ
 ভাস্কৰ প্ৰিয়ম হাজৰিকা
কৰচুং সত্ৰ
কিমান নীচ হ’লে মানুহ দানৱ হ’ ব পাৰে?
কিয় বাৰে বাৰে এগৰাকী নাৰী ধৰ্ষিত হয়
এজাক ভোকাতুৰ দানৱৰ হাতত?
কিহৰ ভোকত হাতেৰে মোহাৰি পেলাই
একো পাহ সুগন্ধি গোলাপ?
হাজাৰ প্ৰশ্ন!
নাৰী হৈ জন্ম হোৱাটো পাপ নেকি
নে দানৱৰ সমাজত জন্ম হোৱাটো?
এনে এখন সমাজত দেৱী পূজা অৰ্থ কি?
আমি ও জীয়াই থাকিব বিচাৰো
মুক্ত বিহংগৰ দৰে আকাশৰ ভালপোৱাবোৰ বুকুত সামৰি।
আমিও সপোন দেশত হাঁহিব বিচাৰো
পিতাই ৰাজকুমাৰীজনী হৈ।
প্ৰতিবাদ কিমান কৰিম,
তথাপিও আমিবোৰ আকৌ ধৰ্ষিত হওঁ।
আমাক ভালপাব শিকক
আপোনাৰ বুকুত গুজি দিম হাজাৰ কবিতা।
আমাৰ চকুযোৰ এবাৰ চাওঁক
আমাক এবাৰ শান্তিৰে জীয়াই থাকিব দিয়ক।