ধৰ্ষণ গোচৰত প্রাক্তন জেডিএছ সাংসদ প্ৰজ্বল ৰেভান্নাক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দেশজুৰি চৰ্চিত ধৰ্ষণ গোচৰত প্ৰাক্তন প্রধানমন্ত্রী এইচ ডি দেৱেগৌড়াৰ নাতি তথা প্রাক্তন জেডিএছ সাংসদ প্ৰজ্বল ৰেভান্নাক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। বেংগালুৰুৰ জনপ্ৰতিনিধিৰ কাৰণে বিশেষ সত্ৰ আদালতে ঘৰুৱা সহায়িকাক ধর্ষণ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে ১০ লাখ টকাৰ জৰিমনা বিহে সাংসদ প্ৰজ্বল ৰেভান্নাক। প্রাক্তন জেডিএছ সাংসদ প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে তিনিটাকৈ ধৰ্ষণ গোচৰ আৰু এটা যৌন নিৰ্যাতনৰ গোচৰ চলি আছে। তিনিটা ধৰ্ষণ গোচৰৰ ভিতৰত প্ৰথমটো ধর্ষণ গোচৰৰ শুনানি সম্পূৰ্ণ হোৱাৰ পিছত শুক্ৰবাৰে বেংগালুৰুৰ বিশেষ আদালতে দোষী সাব্যস্ত কৰাৰ পাছত শনিবাৰে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহে। ৰেভান্না পৰিয়ালৰ ফাৰ্ম হাউছত কৰ্মৰত ৪৮ বছৰীয়া ঘৰুৱা সহায়িকাৰ ধৰ্ষণৰ গোচৰত প্ৰাক্তন জেডিএছ সাংসদ ৰেভান্নাক বিশেষ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহাৰ পিছত আদালততে কান্দোনত ভাগি পৰে ৰেভান্নাই। আদালতত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত ৰেভান্নাই তেওঁৰ বিৰুদ্ধে শাস্তি অধিক হোৱা বুলি কয়। উল্লেখ্য যে প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে বেংগালুৰুৰ বিশেষ আদালতে চলিত বৰ্ষৰ ২ মে’ৰ পৰা গোচৰৰ শুনানি আৰম্ভ কৰে। যোৱা ১৮ জুলাইত এই শুনানি প্রক্রিয়া সম্পন্ন হয়। প্রায় দুমাহ ধৰি শুনানি চলোৱাৰ অন্তত ৩০ জুলাইত ৰায়দান কৰাৰ কথা আছিল যদিও ৰায় সংৰক্ষিত ৰাখি শনিবাৰে গোচৰটোত দোষী সাব্যস্ত কৰি ৰায় দিয়ে। বহু বিতর্কিত জেডিএছৰ প্ৰাক্তন সাংসদ ৰেভান্নাৰ বিৰুদ্ধে ঘৰুৱা সহায়িকাক ধৰ্ষণৰ গোচৰৰ বাবে বিশেষ অনুসন্ধান দল গঠন কৰা হৈছিল। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত এছআইটিয়ে ১১৩ সাক্ষীৰ সৈতে ১৬৩২ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে। প্ৰাজুল ৰেভান্নাক ধাৰা ৩৭৬ (২) (কে), ৩৭৬ (২) (এন), ৬৬ (ই) তথ্য-প্রযুক্তি আইন ২০০০ৰ অধীনত গোচৰ ৰুজু কৰি অনুসন্ধান চলায়। অভিযোগনামাত উল্লেখ কৰা মতে, প্ৰাজুল ৰেভান্নাই অভিযোগকাৰী মহিলাগৰাকীক ২০২১ চনত দুবাৰ ধৰ্ষণ কৰিছিল। এবাৰ ফাৰ্ম হাউচত আৰু কিছুদিন পিছত পৰিয়ালৰে বেংগালুৰুৰ বাসভৱনত। আনকি অভিযুক্ত প্ৰজ্বল ৰেভান্নাই এই ধৰ্ষণৰ ভিডিঅ’ও কৰিছিল। সেই ভিডিঅ’টো এছআইটিয়ে উদ্ধাৰ কৰিছিল। যদিও ভিডিঅ’টোত স্পষ্টকৈ প্ৰজ্বল ৰেভান্নাৰ মুখমণ্ডল দেখা পোৱা নাছিল। ফৰেনছিক বিশেষজ্ঞৰ প্ৰতিবেদনত ভিডিঅ’টোত প্ৰজ্বল ৰেভান্না থকাটো নিশ্চিত হৈছিল। বিশেষ চৰকাৰী অধিবক্তা অশোক নায়কে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, এই গোচৰত ২৬জন সাক্ষীৰ ভাষ্য গ্রহণ কৰাৰ লগতে ১৮০ তথ্য দাখিল কৰা হৈছে। ধর্ষিতা মহিলাগৰাকীৰ এই গোচৰৰ প্ৰক্ৰিয়া ৩৮বাৰ স্থগিত ৰখাৰ পাছত খৰতকীয়াকৈ শুনানিৰ বাবে দাবী জনাইছিল। তাৰেই পৰিপ্ৰেক্ষিতত বিশেষ আদালতে শুনানি প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তোলে। মন কৰিবলগীয়া যে ২০২৪ চনত প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে মহিলাক নির্যাতন চলোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতে ৰেভান্নাই জার্মানীলৈ গুচি গৈছিল। নিৰ্বাচনৰ পাছত ভাৰতলৈ উভতি আহোঁতেই ৩১ মে’ত বেংগালুৰু বিমানবন্দৰত প্ৰজ্বল ৰেভান্নাক গ্ৰেপ্তাৰ কৰা হৈছিল।