ধৰ্ম, বিজ্ঞান,বিশ্বাস,যুক্তি- নাছিৰ আহমেদ

Pc ABC
ধৰ্ম, বিজ্ঞান,বিশ্বাস,যুক্তি
” বিশ্বাসে মিলয় হৰি,তৰ্কে বহু দূৰ “
মহাপুৰুষ শংকৰদেৱৰ এই বচনৰ মাজেদি ধৰ্মৰ মূল ভিত্তি যে  বিশ্বাস, এই কথা ধুনীয়াকৈ দাঙি ধৰিছে। আত্মা, পৰমাত্মা,সৰ্গ,নৰক, দেৱ-দেৱীৰ ধাৰণা বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত  ; ধৰ্মগ্ৰন্থ সমূহৰ অজস্ৰ শ্লোক,চুৰা আদিয়ে হাজাৰ যুক্তি প্ৰদৰ্শন কৰে যদিও এইক্ষেত্ৰত শেষ অস্ত্ৰই হ’ল মহা বিশ্বাস। সেয়েহে পৃথিৱীৰ বুকুত যেতিয়াই  প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হয়, তেতিয়া ধৰ্ম ভীৰু সকলে বিশ্বাস কৰে যে, মানুহৰ পাপৰ ফলত ঈশ্বৰ বা আল্লাহ তাৱালাই ক্ৰুদ্ধ হৈ পৃথিৱীৰ বুকুত নানা  দুৰ্যোগ যেনে ভুইকম্প, আগ্নেয়গিৰী,মহা প্ৰলয়, কৰোনা ভাইৰাছৰ দৰে বিভিন্ন ভয়াৱহ মহামাৰী নমাই মানৱ সভ্যতা ধ্বংস কৰে  ; সেই কাৰণে কিছুমান ধৰ্মভীৰুৱে মহামাৰী কৰোনাক আল্লাহৰ পৱিত্ৰ সৈনিক বুলি গণ্য কৰে ;
কোনো পদক্ষেপ গ্ৰহণ কৰিও ইয়াৰ পৰা পৰিত্ৰাণ পাব নোৱাৰি। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হলে নামাজ, পূজা, প্ৰাৰ্থনা আদি  বেছি বেছি কৈ কৰিব লাগে। বিভিন্ন ধৰ্মাৱলম্বী সকলৰ মাজত নানা অনুষ্ঠান অনুষ্ঠিত কৰি ভগৱানৰ আশীৰ্বাদ লাভ কৰিবলৈ সেয়েহে এই প্ৰচেষ্টা।
এই ধৰ্ম সমূহৰ মাজত আকৌ দুটা ভাগ দেখা যায়। এটা অতি ধৰ্ম অন্ধ বিশ্বাসী বা ধৰ্মান্ধ ; তেওঁলোকৰ মতে ধৰ্মীয় নিয়মানুৱলী কঠোৰ ভাৱেৰে অনুকৰণ কৰা ধাৰ্মিক সকলোৱে হে ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰি এই সংক্ৰামক ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয় । আনহাতে কিছুমান সাধাৰণ ধাৰ্মিক  ; এওঁলোক ধৰ্ম পালন কৰাৰ ওপৰিও বিজ্ঞানৰ ওপৰতো নিৰ্ভৰ কৰে , মানৱতাবাদতো তেওঁলোক বিশ্বাসী।
আনহাতে, বিজ্ঞানৰ মূল ভিত্তি হ’ল, যুক্তি । পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে প্ৰকৃত সত্য লাভ কৰিব পাৰি । ভুইকম্প, আগ্নেয়গিৰী, ধুমুহা, বানপানী, মহামাৰী আদি প্ৰাকৃতিক দুৰ্যোগ হে। এবাৰ বিহাৰত ভুইকম্প হৈ বহুতো মানুহ মৃত্যুমুখত পৰাত মহাত্মা গান্ধীয়ে কৈছিল,পাপৰ ফলত ঈশ্বৰে বিহাৰত ভুইকম্প দিছে ; তেতিয়া বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিবাদ কৰি কৈছিল যে, এয়া প্ৰাকৃতিক দুৰ্যোগ হে কোনো পাপৰ ফলত হোৱা নাই। গতিকে,এই প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ হলে বিজ্ঞান-সন্মত পদ্ধতি অনুসৰণ কৰা হে উচিত । সেয়েহে, যেতিয়া লৈকে ভয়াৱহ কৰোনা ভাইৰাছৰ ভেকচিন আৱিষ্কাৰ নহয়, তেতিয়ালৈকে লকডাউন, সামাজিক দূৰত্ব বজাই ৰখাৰ বাহিৰে কোনো বিকল্প নাই।
অথচ, আমাৰ সমাজৰ বেছিভাগ কুসংস্কাৰাচ্ছন্ন, অন্ধ-বিশ্বাসী,গোঢ়া ধৰ্মান্ধই  ধৰ্ম প্ৰদৰ্শন কৰাৰ নামত নানা ধৰণৰ কাৰ্য্য যেনে নিজামুদ্দিনত তবলীগ জামাত , প্ৰধান মন্ত্ৰীৰ পৰামৰ্শক্ৰমে ২২ মাৰ্চত কাঁহী বাতি ঢোল খোল বজাই সমবেত হৈ কৰোনা গো বেক কৰা ,যোৱা ৫ এপ্ৰিলত সদলবলে পোহৰ বিলাবলৈ গৈ ফটকা আদি ফুটাই দিপাৱলী মনা কাৰ্যৰ দ্বাৰা কৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি কৰাত যে সহায় কৰিব, সি খাটাং।
 ধৰ্ম বিশ্বাসী হওক, ধৰ্মান্ধ নহব। বিজ্ঞান-সন্মত ৰীতি নীতিৰ মাজেৰে লকডাউন, সামাজিক দূৰত্ব বজাই ৰাখি নিজে তথা পৰিয়ালৰ লগতে সমাজ আৰু দেশক এই সংক্ৰামক ৰোগৰ পৰা পৰিত্ৰাণ কৰক।
নাছিৰ আহমেদ
শিমলাবাৰী গোৱালপাৰা