ধৰাৰ বুকুলৈ দেৱীমাৰ আগমন – নমিতা দাস

ধৰাৰ বুকুলৈ দেৱীমাৰ আগমন

নমিতা দাস
শুৱালকুছি শান্তিতোল

বৰ্ষাৰ কিন্ কিনিয়া বৰষুণৰ অন্তত শৰতৰ আগমনে কঢ়িয়াই আনে নিয়ৰসনা ৰাতিপুৱাৰ তলসৰা শেৱালীৰ সুৱাস । হালি জালি জিলমিল কৈ থকা কহুৱা বনে আহিনৰ আচলত ধৰি শৰতৰ আগমন ঘটাই । শৰৎ মানেই যেন দুৰ্গোৎসৱ । দুৰ্গতিনাশিনী দেৱী মাৰ আগমন ঘটে মহালয়াৰ পৰা। প্ৰৱাদ মতে মহালয়াৰ এই দিনটোৰ পৰাই শুভ শক্তিৰ আগমন ঘটে।

এই বাৰ ২১ ছেপ্তেম্বৰ দেওবাৰৰ দিনা মৰ্ত্যলৈ নামি আহিব দেৱী মা’, দেৱীমাক ধৰা লৈ আমন্ত্ৰণ জনাৱা প্ৰৰ্থনাটোৱে হৈছে মহালয়া । মহালয়া সংস্কৃত অৰ্থ হৈছে “মহা” মানে”মহান” “লয়” মানে “আলয়” বা “মহান আশ্ৰয়” আন এক দাৰ্শনিক মত অনুসৰী “মহা” মানে “পৰম” আৰু “লয়” মানে “বিলিন” হোৱা কিছুমানে “লয়” মানে “তৰঙ্গ” বুলিও অভিহিত কৰে। অৰ্থাৎ যৰ পৰা আকৰ্ষণ – বিকৰ্ষণ সৃষ্টি হয় । যি পৰম তত্বৰ পৰা সকলো তত্ব সৃষ্টি হয়। যত সকলো বিলীন হৈ যায় ।

প্ৰৱাদ মতে এই মহালয়াৰ বিশেষ দিনটোতে শুভশক্তিৰ আগমন ঘটাই এই দিনটোত দেৱীৰ সংস্পৰ্শ লাভ কৰিলে সকলো অশুভ শক্তিৰ বিনাস হয় বুলি লোক সকলৰ মাজত বিশ্বাস আছে । মহালয়াৰ দিনৰ পৰা পিতৃ পক্ষৰ অবসান ঘটাই আৰু দেৱী পক্ষৰ সুচনা হয় । এই দিনটোত পৰিয়ালৰ ব্যক্তি সকলে পূৰ্ব পুৰুষ সকলক স্মৰণ আৰু তৰ্পন কৰি জলপ্ৰদান কৰিলে নৰকত থকা লোক সকলৰ সকলো পাপ মোচন হৈ মুক্তি লাভ কৰে বুলি জনবিশ্বাস আছে। আনকি পুৰ্বৰ পুৰুষৰ মুক্তি লাভে ধৰাত থকা লোক সকলকো আৰ্শিবাদ প্ৰদান কৰে বুলি লোক সকলৰ মাজত পূৰ্বৰে পৰা বিশ্বাস কৰা হয় । ভগৱান শ্ৰী ৰামচন্দ্ৰই ও তেওঁৰ পুৰ্বৰ পুৰুষ সকলৰ মাজত তৰ্পন আগবঢ়াই আৰ্শিবাদ লাভ কৰিছিল বুলি বিশ্বাস কৰা হয়।

হিন্দু ধৰ্মৰ পৌৰাণিক কাহিনী অনুসৰী মহালয়াৰ এই দিনটোতে ব্ৰক্ষ্মা, বিষ্ণু আৰু মহেশ্বৰে লগ হৈ অসুৰ মহিষাসুৰক বধ কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয় । সাধাৰণতে মহালয়াৰ সেই দিন টোৰ পৰাই দুৰ্গাপূজাৰ আৰম্ভনী বুলি ধৰা হয়। সপ্তম দিনা পুজা আৰম্ভ কৰি দশম দিনা পুজা শেষ কৰা হয় ।সেয়ে ভক্তগনে এই ন দিন উপবাসে থাকি দেৱী মাৰ নটা ৰূপক পুজা কৰে।

দেৱী দুৰ্গা মায়ে তেওঁৰ সন্তান লক্ষ্মী, সৰস্বতী , কাৰ্তিক আৰু গণেশৰ সৈতে নাওঁ, হাতী ,ঘোৰা অথবা দোলাত কৈলাশৰ পৰা ধৰা লৈ আহি অসুৰ মহিষাসুৰক বধ কৰি পৃথিৱীত থকা তেওঁৰ ভক্তগনক আৰ্শিবাদ প্ৰদান কৰিছিল। সেয়েহে এই মহালয়াৰ দিনটোত ভক্তগনে পুৱাতে উঠি দেৱী দুৰ্গামাক উপাসনা কৰে বুলি বিশ্বাস কৰা হয়।

মহালয়াৰ আৰম্ভৰ লগে লগে মৃন্ময় শিল্পী সকলে দেৱী মাৰ চকুত ৰঙা ৰঙৰ প্ৰলেপ সানিবলৈ আৰম্ভ কৰে তেতিয়াই নিৰ্জিৱ মুৰ্তিটোৱে জাগ্ৰত ৰূপ লয় বুলি জনবিশ্বাস আছে।

এইদৰেই প্ৰতিটো বছৰতে মহালয়াৰ পৰাই দুৰ্গোৎসৱ আৰম্ভ কৰা হয়।