ধৰালৈ বসন্তৰ আগমণ
ছেলিমা বেগম,নগাওঁ
ঋতু আহে আৰু ঋতু গৈ থাকে,
শীত ঋতু গৈ গৈ বসন্তৰ
আগমনীত বাৰ্তা আনি দিলে
সকলো ঋতুৰ পূজাৰী
তুমি আমি জানো ।
বসন্ত ঋতুক আদৰিবলৈ
ৰৈ আছে কুলি ,কেতেকী
জগত জিলিকি আহিলে
ঋতু ৰাজ বসন্ত
আশাৰে বাট চাই আছে
গছ লতা নতুন যৌৱন পাবলৈ ।
ন ন কুঁহি পাতেৰে নতুন
পিন্ধিলে বৃক্ষ, বিলাকে
সেউজীয়া পিন্ধি ধৰা লৈ আহিছে।
আমে মলিয়ালিই,কঁঠালে মুচি দিলে ,
ধৰণী খন জাক -জমক্ কৰি তুলিছে ।
বসন্তৰ ৰাজ কুমাৰ আহিলে ধৰণী লৈ
দেৱদাৰুৱে নতুন পিন্ধিলে বসন্তক পাই
নাহৰ,কপৌ,এজাৰ ৰৈ আছে
কুলি গীত গাবলৈ ধৰিলে কু—উ, কু —উ বুলি।
বসন্তক পাই কেতেকী ভাই ইনাই-বিনাই
গীত গাবলৈ ধৰিলে নিজৰ ধৰ্ম পালন কৰি
অ’কেতেকী, অ’কেতেকী ,অ’কেতেকী
বসন্তৰ আগমনৰ বাৰ্তা পাই
আমি আহিছোঁ সাজি-কাচি।