ধৰমশালাত অনুষ্ঠিত দিল্লী-পঞ্জাবৰ আইপিএলৰ মেচ আধাতে বাতিল

ধৰমশালাত অনুষ্ঠিত দিল্লী-পঞ্জাবৰ আইপিএলৰ মেচ আধাতে বাতিল

ৰঙিলী বাৰ্ত্তাসেৱা- ধৰমশালাত অনুষ্ঠিত দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছৰ মাজৰ আইপিএলৰ মেচখন আধাতে বাতিল। বৰষুণৰ বাবে মেচখন পলমকৈ আৰম্ভ হৈছিল যদিও খেলখন চলি থকাৰ মাজতে পাকিস্তানে এলঅ’চিত আক্ৰমণ কৰাৰ পিছত ষ্টেডিয়ামৰ লাইট বন্ধ কৰি দিয়া হয়। ষ্টেডিয়ামত উপস্থিত থকা সকলো দর্শকক খেলপথাৰ ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হয়। ইয়াৰ কিছু সময় পিছতে মেচখন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আয়োজকে। অৱশ্যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডে ধৰমশালাৰ ষ্টেডিয়ামৰ কাষৰীয়া অঞ্চলত ব্লেকআউট হোৱাৰ বাবেই ষ্টেডিয়ামৰ লাইট বন্ধ হৈ যায় আৰু ইয়াৰ বাবে মেচখন বাতিল কৰিবলগীয়া হয় বুলি কয়। নিশা পাকিস্তানী সেনাই পঞ্জাবৰ একাধিক অঞ্চলক লক্ষ্য কৰি আক্রমণ চলায়। ৰাজ্যখনৰ কেইবাখনো জিলাত ব্লেকআউট কৰা হৈছিল আৰু ইয়াৰ মাজতে ধৰমশালাৰ ষ্টেডিয়ামৰ লাইট বন্ধ হৈ যায় । ধৰমশালা পাকিস্তান সীমান্তৰ পৰা মাত্র ৬০ কিঃমিঃ দূৰত অৱস্থিত। খেলৰ সময়ত ষ্টেডিয়ামৰ চাৰিটা ফ্লাড লাইট এটা এটাকৈ বন্ধ কৰি দিয়া হয়। কিছু সময়ৰ পিছতে আম্পায়াৰে মেচ বাতিল হোৱাৰ কথা ঘোষণা কৰে আৰু ইয়াৰ পিছতে আয়োজকে দৰ্শক আৰু আইপিএলৰ বিষয়ববীয়াসকলক ষ্টেডিয়াম এৰিবলৈ নির্দেশ দিয়া হয়। বর্ষাবিঘ্নিত মেচখনত টছত জয়লাভ কৰি পঞ্জাবে বেটিং কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। খেলখন ১০.১ অভাৰ সমাপ্ত হোৱাৰ পিছতেই বাতিল কৰে। সেই সময়ত পঞ্জাবে এটা উইকেট হেৰুৱাই ১২২ ৰান সংগ্ৰহ কৰিছিল।অ’পেনাৰ প্ৰিয়াংশ আর্যই ৩৪টা বলত ৭০ ৰান কৰি পেভিলিয়নমুখী হয়। ইফালে, আনজন অ’পেনাৰ প্ৰভছিমৰন সিঙে ২৮টা বলত ৫০ ৰান কৰি অপৰাজিত হৈ থাকে।