ধ্ৰুপদী সন্মান অসমীয়া ভাষাৰ
দিলদাৰ হুছেইন, কলিয়াবৰ নগাঁও
অসম আমাৰ ৰূপহী সুবদী মাত-কথা
মৌসনা মিঠা ৰসৰে ভৰপূৰ ভাষা,
সবৰে প্রিয় গুণৰে নাই শেষ
অসমীয়া ভাষাৰ শত্ৰুৰ দিন শেষ,
দূষিত শক্তিৰ ভাষাৰ ধ্বনিৰে
অসমীয়া ভাষাৰ ক্ষতি কৰিব নোৱাৰে।
মৰম-চেনেহৰ অসমীয়া ভাষা
আমাৰ হিয়াৰ আমঠু হিয়া,
ৰঙ-ৰূপেৰে সজ্জিত বাৰেবৰণীয়া স্বদেশ
জাতি-জনজাতিৰ দেখা সমাবেশ,
হিন্দু-মুছলমান সকলোৰে সমান
অসমীয়া ভাষাৰ বাবে দিব পাৰো প্ৰাণ।
ধ্ৰুপদী সন্মান অসমীয়া ভাষাৰ
কিমান যে গৌৰৱ কৈ নহয় শেষ আমাৰ,
সপোন আছিল এদিন হ’ব অসমীয়া ভাষাৰ
দেখা সৰ্ব্বতে চৰ্চা উচ্চ শিখৰত ভাৰতবৰ্ষৰ ,
দিলদাৰ মন আমি অসমীয়া হৈ জনম
জয় আই অসম জয় আই অসম।