ধ্রুপদী ভাষা:অসমীয়া জাতিৰ বাবে গৌৰৱৰ বিষয়: অজাপ

ধ্রুপদী ভাষা:অসমীয়া জাতিৰ বাবে গৌৰৱৰ বিষয়: অজাপ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাটো অসমবাসীৰ বাবে এক সুখবৰ। – এই মত অসম জাতীয় পৰিষদৰ। দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে অসমীয়া ভাষাটো এটা প্ৰাচীন ভাষা আৰু সেই অনুসৰি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাব লাগে বুলি দীৰ্ঘকালজুৰি অসম সাহিত্য সভাকে ধৰি বৌদ্ধিক শ্ৰেণীয়ে দাবী কৰি আহিছিল। সেইমৰ্মে আজি কেন্দ্ৰীয় কেবিনেটে উক্ত দাবী মানি ল’লে। এয়া জাতিৰ বাবে এক গৌৰৱৰ বিষয়। ইয়াৰ লগে লগে অসমীয়া ভাষাৰ চৰ্চা আৰু গৱেষণা আদি বিষয় অধিক ত্বৰান্বিত হ’ব বুলি জাতীয় পৰিষদে আশা ব্যক্ত কৰে। নেতাদ্বয়ে কয়, “অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে আমাক গৌৰৱান্বিত কৰিছে। প্ৰতিগৰাকী অসমীয়াই প্ৰাণৰ ভাষাটোৰ এই স্বীকৃতিত গৌৰৱবোধ কৰিছে। যিসকল সুধী ব্যক্তিৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে আজি অসমীয়া ভাষালৈ এই স্বীকৃতি আহিল, তেখেতসকললৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰাণৰ মাধুৰী বুটলি অসমীয়া ভাষাই এই স্বীকৃতিৰ পাছত আৰু অধিক পোহৰেৰে দীপ্তমান হ’ল। আহক, আমাৰ আপোন অসমীয়া ভাষাটোৰ সংৰক্ষণ, সংবৰ্ধন, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমি অধিক দায়বদ্ধতাৰে আগুৱান হওঁ।”