অণুগল্পঃ
ধোঁৱা
তৃপ্তি বৰা, ঢেকিয়াজুলি, শোণিতপুৰ
মুখত অসংখ্য বলিৰেখাৰে কুৎসিত হৈ পৰা বুঢ়ীজনীয়ে বেপেৰুৱা ভঙ্গীমাৰে বিড়িৰ ধোঁৱা এসোপা উৰুৱাই আনদিনবোৰৰ দৰেই বিছাৰ দৰে চাৱনিটো তাইলৈ এৰি দিলে। সদায় কৰাৰ দৰেই বুঢ়ীক উপেক্ষা কৰি তাই বগা ৰঙৰ নিৰ্দিষ্ট গাড়ীখনত অহা প্ৰেমিকজনলৈ অপেক্ষা কৰিলে।গাড়ীখনৰ পৰা সি যেতিয়া তাইক দলিয়াই দিলে,বুঢ়ী তেতিয়াও সেই ঠাইতে বহি আছিল। বুঢ়ীৰ চাৱনিটোৱে তাইক আজি বিছাৰ দৰে নাডাকিলে। প্ৰায় চুঁচৰি যোৱাৰ দৰেই তাই বুঢ়ীৰ কাষলৈ গৈ কান্ধত মূৰটো থৈ মাটিতে লেপেটা কাঢ়ি বহিল।
:হাৰামজাদা চাল্লা! চব জানো তহঁতৰ ইৰাদা। দুনীয়াদাৰি মোৰ বুঢ়া মুখখনতকৈ বহুত লেতেৰা বুইছ। ল,আকাশলৈ চাই বুকুৰ ভিতৰলৈ এক টান মাৰি ধোঁৱাবোৰ এৰি দে। চব হাৱা হৈ যাব।মুখৰ ভিতৰতে বিৰবিৰাই বুঢ়ীয়ে তাইলৈ বিড়িটো আগবঢ়াই দিলে। বুঢ়ীৰ হাতৰ পৰা বিড়িটো নিজৰ দুই আঙুলিৰ চেপাত সুমুৱাই ল’বলৈ তাই আজি সামান্যও ইতঃতস্তবোধ নকৰিলে।