ধৈৰ্য্যই সাহসৰ মূল
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
মানুহৰ জীৱন নানানটা সমস্যাৰে জৰ্জৰিত ৷ জীৱনৰ গতিপথ কেতিয়াও সহজলভ্য নহয় ৷ কিন্তু জীৱনৰ গতিপথ সহজলভ্য কৰিবলৈ মানুহৰ আটাইতকৈ প্ৰয়োজনীয় অস্ত্ৰ হৈছে ধৈৰ্য্য ৷ ধৈৰ্য্যশীল মানুহে দৈনন্দিন জীৱনত সন্মূখীণ হোৱা সমস্যাক সমাধান কৰিবলৈ উপায় বিচাৰি পায় ৷
মানুহৰ শৰীৰৰ কোনো মূল্য নাই ৷ মৃত্যুৰ পিছত মাটিৰ দেহা মাটিতে মিহলি হয় ৷ কিন্তু মানুহৰ আত্মাৰ মূল্যহে বেছি ৷ আত্মাবোৰ ভগৱানৰ অংশ ৷ কিন্তু আমি মানুহবোৰে আত্মাৰ অস্বিত্বক উপলদ্ধি কৰিবলৈ অপাৰগ ৷ আমি মানুহৰ মাজত ধুনীয়া-বেয়া , ক’লা-বগা, দোষ-গুণ বিচাৰি ফুৰোঁ ৷ কিন্তু আমি আত্মাৰ উপলব্ধি কৰিব নোৱাৰোঁ ৷ যাৰ ফলত আমাৰ মাজত বিভিন্ন অৰাজকতাৰ সৃষ্টি হয় ৷ সেইকাৰণে আমি মানুহবোৰ অসুখী হৈ পৰোঁ ৷
মানুহৰ জীৱন সুখ-দুখৰ সমাহাৰ ৷ কেতিয়াবা যদি আমি সুখী অনুভৱ কৰোঁ , কেতিয়াবা আকৌ বিভিন্ন কাৰণত দুখী হৈ পৰোঁ ৷ সুখত আত্মহাৰা হোৱাৰো কোনো প্ৰয়োজন নাই আৰু দুখত ভাগি পৰাৰো কোনো কাৰণ নাই ৷ মানুহৰ জীৱনটোৱেই অনিশ্চয়তাৰ আৱৰ্তত ঘূৰি থাকে ৷ মানুহৰ জীৱনটোও চিৰস্থায়ী নহয় ৷ গতিকে মানুহৰ জীৱনত কেতিয়াবা সুখৰ আগমন হয় আৰু কেতিয়াবা দুখৰ ৷ গতিকে সকলো সময়তে কিন্তু আমাক ধৈৰ্য্যৰ প্ৰয়োজন হয় ৷ এককথাত ক’বলৈ গ’লে সুখ-দুখৰ সমাহাৰেই মানুহৰ জীৱন ৷ পূৰ্ণিমাৰ পিছত যেনেদৰে অম্যাৱশ্যাৰ আগমন হয় , অমাৱশ্যাৰ পিছত পূৰ্ণিমাৰ আগমন হয় , ঠিক তেনেদৰে আমাৰ জীৱনটো সুখ আৰু দুখে লুকা-ভাকু খেলে ৷ চিৰকালে আমি সুখী হৈ থাকিব নোৱাৰোঁ আৰু চিৰকালে আমিও দুখীও হৈ থাকিব নোৱাৰোঁ ৷ গতিকে ধৈৰ্য্য এনে এবিধ অস্ত্ৰ যিয়ে আমাক জীৱনৰ সকলো সময়তে সাহসেৰে আগবাঢ়ি যাবলৈ পথ দেখুৱাই ৷