ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতত দোষী সাব্যস্ত নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য কঁপাই যোৱা এক নাৰকীয়, বৰ্বৰোচিত জঘন্য হত্যাকাণ্ড । ঢকুৱাখনা নগৰৰ নৱ কাঠৰবাৰী গাঁৱৰ নবীন শইকীয়া আৰু জোনালী শইকীয়াৰ দুহিতা তথা ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বর্ষৰ ছাত্ৰী নন্দিতাই বিগত ৫টাকৈ দিন চিকিৎসালয়ত মৃত্যুৰে যুঁজি নিয়তিৰ ওচৰত হাৰ মানিছিল। ধেমাজি নগৰৰ মাজমজিয়াত দিন দুপৰতে ২০২১ চনৰ ২১ আগষ্টত সংঘটিত হোৱা এই পাশৱিক হত্যাকাণ্ডৰ নায়ক আছিল মৰিধল মহাবিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৰিণ্টু শৰ্মা ।ৰাজ্য জোকাৰি যোৱা সেই শিহৰণকাৰী হত্যাকাণ্ডৰ কাইলৈ অৰ্থাৎ ২১ আগষ্টত হ’ব চূড়ান্ত ৰায়দান । ধেমাজি সদৰ আৰক্ষী থানাত ৩৪২/৩২৪/৩০৭/৩০২ (আই পি চি ) ধাৰাত পঞ্জীভূত গোচৰৰ “চার্জচিট” আদালতত দাখিলৰ পাছত ধেমাজিৰ জিলা সত্ৰ ন্যায়াধীশ আদালতত গোচৰ নম্বৰ-০০০০০৫৭/২০২১ ৰ অধীনত চলিছিল অসম চৰকাৰ বনাম ৰিন্টু শইকীয়াৰ গোচৰ।সুদীর্ঘ ৩ বছৰ ধৰি সাক্ষীবাদী ,যুক্তি তৰ্ক সম্পন্ন হোৱাৰ পৰৱৰ্তী সময়ত সত্ৰ আদালতে অন্তিম শুনানি যোৱা ২৫ জুলাইত গ্ৰহণ কৰে । জিলা সত্ৰ ন্যায়াধীশ আদালতে বুধবাৰে এই গোচৰৰ প্ৰধান অভিযুক্ত ৰিন্টু শৰ্মাক ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২/৩২৪/৩০৭/৩০২ ধাৰাত দোষী সাব্যস্ত কৰা বুলি ঘোষণা কৰে আৰু ২১ আগষ্টত গোচৰৰ চূড়ান্ত ৰায়দান কৰা হ’ব বুলি অৱগত কৰে । উল্লেখযোগ্য যে ৰাজ্যখনৰ সৰ্বত্ৰতে শোকৰ বন্যা প্ৰবাহিত কৰা এই লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্ত আচামী ৰিন্টু শৰ্মা বিগত ৩ বছৰ ধৰি ধেমাজি জিলা কাৰাগাৰত হাজোতী হৈ আছে। স্মৰ্তব্য যে ২১ আগষ্ট বৃহস্পতিবাৰে নন্দিতা হত্যাকাণ্ডৰ ৪টা বছৰ পূৰ্ণ হ’ব । নিষ্ঠুৰ নৰপিশাচ, ঘাটক ৰিন্টু শৰ্মাৰ চূড়ান্ত ৰায়দান এইটো বিশেষ দিনতে হোৱাটো নিশ্চিত হোৱাত সুকীয়া তাপৰ্য বহন কৰিছে। কাইলৈ এই গুৰুত্বপূৰ্ণ গোচৰৰ হ’বলগীয়া চূড়ান্ত ৰায়দানে কি ৰায় দিয়ে, তাক লৈ আগ্ৰহেৰে অপেক্ষা কৰিছে সমগ্ৰ অসমবাসীয়ে ।