ধেমাজিৰ লক্ষীপুৰত নৃত্য-গীত- মে’ দিৱস পালন
ৰঙিলী বাৰ্ত্তাসেৱা- ধেমাজি জিলাৰ লক্ষীপুৰত আজি বিহু, দেউৰী বিহু, মিচিং বিহু, তিৱা বিহু, জেং বিহু, নৃত্য আৰু আলোচনা সভাৰ মাজেৰে ঐতিহাহিক মে’ দিৱস পালন কৰা হয়। অনুষ্ঠানটো আয়োজন হয় সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ধেমাজি জিলা কমিটী আৰু অসম ৰাজ্যিক কৃষক সভাৰ নিলখ আঞ্চলিক কমিটীৰ যৌথ উদ্যোগত। ৰাতিপুৱা ৰক্ত পতাকা উত্তোলন কৰে কৃষক সভাৰ জিলা সভাপতি দেবেন গগৈয়ে। শ্বহীদ বেদীত মাল্যদান কৰে ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসে। ইয়াৰ পাছতে মহেন্দ্ৰ ফুকনৰ সভাপতিত্বত আলোচনা সভা আৰু সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়। আলোচনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ধেমাজি জিলাৰ সম্পাদক ঘনো দত্তই। সভাত মে’ দিৱস তাৎপৰ্য আৰু সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত আলোচনা আগবঢ়ায় ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস আৰু কৃষক নেতা দেবেন গগৈয়ে। অনুষ্ঠানত তিৱা বিহু নাম প্ৰদৰ্শনৰ লগতে তিৱা বিহু, দেউৰী বিহু, জেং বিহু, মিচিং বিহু আৰু এটি নৃত্য প্ৰদৰ্শন কৰা হয়। মে’ দিৱস উপলক্ষে সমগ্ৰ অঞ্চলটোত এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হয়।