ধেমাজিত দিন দুপৰতে ডকাইতিৰ ঘটনা

ধেমাজিত দিন দুপৰতে ডকাইতিৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- ধেমাজি নগৰৰ মাজমজিয়াত সংঘটিত হৈছে দিন ডকাইতিৰ ঘটনা৷ধেমাজি চাৰিআলিস্থিত জিলা পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা গাড়ীৰ গ্লাছ ভাঙি কোনো দুৰ্বৃত্তই লুটি লৈ গ’ল ৪ লাখ ৬০ হাজাৰ টকা ৷ দুৰ্বৃত্ত। এই ঘটনাই ধেমাজি নগৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে ধেমাজিৰ প্ৰাণদ্বীপ ভূঞা নামৰ যুবক জনে ধেমাজিৰ এচ বি আই বেংকত টকাখিনি জমা দিবলৈ আহিছিল ৷ যুৱকজনে অলপ সময়ৰ বাবে গাড়ীখন ৰাখি বজাৰ কৰিবলৈ যাওঁতেই এটি ৩ জনীয়া দুৰ্বৃত্ত দলে গাড়ীৰ গ্লাছ ভাঙি ধন লৈ উধাও হয়।ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে সমীপৰ দোকানৰ পৰা চিচি টিভিৰ ফোটেজ সংগ্ৰহ কৰিছে যদিও এতিয়ালৈকে ডকাইতৰ দলটোৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ৷