ধেমাজিত অৱসৰপ্ৰাপ্ত এছ পিক গুলীয়াই হত্যা

ৰঙিলী বাৰ্ত্তাসেৱা- ধেমাজি নগৰত আজি দিন দুপৰতে এজন লোকক গুলীয়াই হত্যা কৰা ঘটনাই নগৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ জানিব পৰা মতে, মাটি-বাৰী সংক্ৰান্তীয় বিষয়ত ধেমাজিৰ মাছখোৱা তথা অৰুণাচলৰ অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক অমূল্য বৰুৱাক ধেমাজিৰ  ভেঁহপাৰৰ আলোক কোঁৱৰে  নিজা  ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা কৰে৷ এ এছ আই আলোক কোঁৱৰৰ ছাৰ্ভিচ পিষ্টলৰ দুজাঁই গুলী অমূল্য বৰুৱাৰ মূৰ আৰু পিঠিত লাগে৷ ইয়াৰ পাছতে ডিব্ৰুগড় সদৰ থানাৰ সদ্য নিযুক্তিপ্ৰাপ্ত এ এছ আই আলোক কোঁৱৰে ধেমাজি সদৰ থানালৈ আহি আত্মসমৰ্পণ কৰে৷ ধেমাজি সদৰ থানাত আত্মসমৰ্পণ কৰা এ এছ আই আলোক কোঁৱৰৰ ছাৰ্ভিচ পিষ্টল আৰু খালী কাৰ্টিজসমূহ আৰক্ষীয়ে জব্দ কৰে৷ বাতৰি লিখাৰ সময়লৈকে ঘটনাৰ সবিশেষ জানিব পৰা নাই যদিও ধেমাজিৰ আৰক্ষীয়ে এই নৃশংস হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে৷ আনহাতে অৰুণাচল প্ৰদেশৰ বিভিন্ন জনগোষ্ঠী সন্দৰ্ভত অধ্যয়ন কৰি ‘সূৰ্য উঠা দেশত দাসত্ব প্ৰথা’ নামৰ গ্ৰন্থৰ কাম সম্পূৰ্ণ কৰি প্ৰকাশৰ প্ৰস্তুতি চলোৱা অৰুণাচল প্ৰদেশৰ অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক অমূল্য বৰুৱাৰ এই নৃশংস হত্যাকাণ্ডই ধেমাজিত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৰ্তমান ধেমাজিৰ সূৰুষ নগৰত পুত্ৰ আৰু পত্নীৰ সৈতে বসবাস কৰিছিল অমূল্য বৰুৱাই৷ নিহত বৰুৱাই ধেমাজিৰ ভেঁহপাৰৰ ধৃত এ এছ আই আলোক কোঁৱৰৰ ঘৰৰ কাষতে এটুকুৰা মাটি কিনা বুলি জানিব পৰা গৈছে৷