ধূলা থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক পুনৰ গ্ৰেপ্তাৰ

ধূলা থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক পুনৰ গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ধূলা থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক পুনৰ গ্ৰেপ্তাৰ।আয়তকৈ অধিক সম্পত্তি আহৰণ কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক তথা ধূলা কিশোৰী হত্যাকাণ্ডৰে জড়িত তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাসহ পত্নীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।বৰাক গুৱাহাটীৰ নিজা আৱাসৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মন কৰিবলগীয়া যে দীৰ্ঘদিন ধৰি উৎপল বৰা ধূলাৰ কিশোৰী আৰতি তুৰী হত্যাকাণ্ডৰ চিআইডি গোচৰত কৰায়ত্ত হৈ ন্যায়িক জিম্মাত কটাই জামিনত মুক্ত হৈছিল। চিআইডিৰ তদন্তৰ সময়তে বৰাৰ আয়তকৈ অধিক সম্পত্তিৰ তথ্য পোহৰলৈ আহিছিল ৷ কেইবাটাও বেংকত স্থায়ী জমা, বিলাসী বাহন, গুৱাহাটীত মাটি-সম্পত্তিৰ তালিকা তদন্তৰ সময়ত পোহৰলৈ আহিছিল। ধূলা কাণ্ডৰ গোচৰত দীঘলীয়া সময় জে’লত কটাই উৎপল বৰা নিজ গৃহলৈ উভতিছিল যদিও এইবাৰ পত্নী প্ৰতিভা ৰেখা ডেকা  সহ পুনৰ গ্ৰেপ্তাৰ হ’বলগা হৈছে আয়তকৈ অধিক সম্পত্তি আহৰণৰ তদন্তৰ বাবে।দুয়োকে  গ্ৰেপ্তাৰ কৰাৰ পাছত আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে ।