ধুমুহা-নিতিষ্মান দাস

Pc UB Photos

ধুমুহা

ধুমুহা ! এজাক ডাঙৰ ধুমুহা,
হেৰাল মাত হেৰাল কথা।
জীৱনৰ পৰীক্ষা, ধুমুহা আহিল,
এটি বিপদৰ যেন আৰম্ভণি ঘটিল।
চাৰিওফালে যেন হৈছে হাহাকাৰ,
চৌদিশে যেন বিয়পিছে অন্ধকাৰ।
বুকু যেন হম হম কৰিব ধৰে,
এজাক ধুমুহা আহি আছে।
গছৰ সেউজী পাতবোৰ সৰিছে,
বায়ুৰ উগ্ৰতাই যেন জোকাৰিছে।
এটুপ দুটুপকৈ টোপাল পৰিছে,
ইয়াৰ পাছত যেন ধাৰাসাৰ দিছে।
কেতিয়াবা ধাৰাসাৰ শিলৰ বৃষ্টি পৰে,
মোৰ হৃদয়ে যেন কান্দিব ধৰে।
আমি কুশলে আছো যদিও দৰিদ্ৰৰ হব কি,
ক’ত কেনেকৈ পাৰ কৰিব এই সময়খিনি।
ঘৰৰ ভিতৰলৈকে পানীৰ চিটিকণি পৰে,
কেনে বাৰু অৱস্থাত থাকে।
সেই চেঁচা টোপাল পৰিলেও যেন উপায় নাই !
শান্ত হোৱা মোৰ ধৰিত্ৰী আই !
ঘৰৰ চালিও যেন কেতিয়াবা উৰি যায়,
তথাপিও যেন নাই কোনো উপায়।
ধনীলোক থাকে নিচিন্ত মনে বহি,
আনহাতে দাৰিদ্ৰ সকলৰ মহা শাস্তি।
জীৱনত কত যে ধুমুহা পাম,
তথাপিও ধুমুহাক যেন নেওচি যাম।
জীৱনৰ ধুমুহা পাৰ হবলৈ, সাজু হৈ থাকিম,
ক্ষমতা যদি থাকে দৰিদ্ৰজনক সহায় কৰিম।
জীৱনত থাকক যত যিমান ধুমুহা,
সাহসেৰে তুমি আগ বাঢ়ি যোৱা,
আগ বাঢ়ি যোৱা।

নিতিষ্মান দাস
অষ্টম শ্ৰেণী