ধুমুহা
দিপ্তী মনি গোস্বামী, লখিমপুৰ
ধুমুহা আহিছে মনত হৃদয়ত প্ৰকৃতিৰ কোলাত
ঘৰবোৰ ভাগিছে গছবোৰ উভলি পৰিছে
দেখিছে শুনিছে সকলোৱে।
সাধ্যনুসৰি পাইছে ৰাইজৰ সহায় সহাঁৰি
পৰিতৃপ্ত হৈছে ঠুনুকা হৃদয়ৰ বাকৰি
দুখবোৰো উৰি গৈছে ভাগৰি।
মনৰ মাজৰ ধুমুহাত ভাগিছে ফুলনি
ফুলবোৰৰ উঠিছে জ্বৰ কঁপনি
কোনে আনি দিব মৃতসঞ্জিৱনী?
বসন্তৰ পৰশতেই ফল ফুলে জাতিষ্কাৰ হয় ধৰণী
লগতে তেজ মঙহে ভৰা হৃদয়ৰ বাকৰিখনি
বসন্ততেই আহে ধূমুহা হৃদয়ত প্ৰকৃতিত।
দেখা বোৰ শুনা বোৰ সহায় সহযোগ সহযোগীতাৰে
আলফুলে দুখবোৰৰ ঘটে উপশম
নেদেখা বোৰত কোনে কেনেকৈ লগাব মলম!