ধুমুহা আৰু উৎপীড়নৰ সময় কৈশোৰ কাল – মিনাক্ষী হাজৰিকা

ধুমুহা আৰু উৎপীড়নৰ সময় কৈশোৰ কাল

মিনাক্ষী হাজৰিকা
দেওমৰনৈ

প্ৰত্যেক মানুহে জীৱনত কৈশোৰ কাল পাৰ কৰি আহে। কৈশোৰ কাল মানৱ জীৱনৰ এটি বিশেষ স্তৰ। এই সময়খিনিক ধুমুহা আৰু উৎপীড়নৰ সময় বুলি কোৱা হয়। কাৰণ এইখিনি সময়ত কিশোৰ কিশোৰী সকলে জীৱনত শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আদি দিশৰ পৰা বহুতো সমস্যাৰ মাজেৰে পাৰ হ’ব লগা হ’য়। এইখিনি সময়ত ল’ৰা ছোৱালীবিলাকক উপযুক্ত পৰিৱেশ আৰু শিক্ষাৰ প্ৰয়োজন। কৈশোৰ কাল হৈছে জীৱনৰ এনে এটা গুৰুত্বপূৰ্ণ স্তৰ যিয়ে জীৱনৰ নতুন নতুন দিশসমূহ উন্মোচন কৰে। এইখিনি সময়ত ল’ৰা ছোৱালীসমূহ এটা সহজ সৰল জীৱনৰ পৰিৱৰ্তে বিভিন্ন দিশৰ পৰা জটিল পৰিৱৰ্তনৰ সন্মুখীন হবলগীয়া হ’য়। সেয়েহে কৈশোৰ কালক বিভিন্নজনে বয়ঃসন্ধিৰ কাল বুলি অভিহিত কৰে৷ আকৌ বিভিন্ন জনে নৱজাগৰণৰ সময় বুলিও অভিহিত কৰে। এই সময়খিনিত ল’ৰা ছোৱালীসমূহে খুৱ সাৱধানে জীৱনৰ বাটত খোজ দিব লাগে। নহলে জীৱনৰ গতিত বহুত খিনি সমস্যাৰ সন্মুখীন হবলগীয়া হ’য়।

কৈশোৰ কাল বুলি ক’লে বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়খিনিক বুজায়। অৰ্থাৎ ১০-১১ বছৰ মানৰ পৰা ১৮-১৯ বছৰ বয়সৰ সময়খিনিকেই কৈশোৰ কাল বুলি কোৱা হয়। এইখিনি সময়ত কিশোৰ -কিশোৰীসকলে সন্মুখীন হোৱা শাৰীৰিক, মানসিক, আবেগিক, সামাজিক আৰু নৈতিক আদি দিশৰ ক্ষেত্রত সন্মুখীন হোৱা সমস্যাসমূহ তথা পৰিৱেশ সমূহ নিয়ন্ত্রণৰ বাবে উপযুক্ত শিক্ষাৰ আৱশ্যক।এইখিনি সময়ত যদি কিশোৰ-কিশোৰী সকলক মৰমেৰে ভাল পথ দেখুওৱা হয় । তেন্তে নিশ্চিতভাৱে তেওঁলোক সমাজৰ একো সু-নাগৰিক হৈ উঠিব।

কৈশোৰ কালত দ্ৰুতভাৱে বিভিন্ন ধৰণৰ শাৰিৰীক বিকাশ হোৱাও পৰিলক্ষিত হ’য়। এইখিনি সময়ত শাৰিৰীক গঠন আদিৰ পৰিৱৰ্তন হ’বলৈ ধৰে। লগতে বিপৰীত লিংগৰ প্ৰতিও আসক্তি বাঢ়ি যোৱা দেখা যায়। কেৱল শাৰিৰীক বিকাশেই নহ’য় এইখিনি সময়ত মানসিক বিকাশো হোৱা পৰিলক্ষিত হ’য়। বুদ্ধি, যুক্তিশক্তি আদিৰ দিশসমূহ দ্ৰুতগতিত বৃদ্ধি পায়। কৈশোৰ কালৰ সময়ছোৱাত কিশোৰ কিশোৰীসকলৰ আৱেগিক দিশটোও বৃদ্ধি পোৱা দেখা যায়। আৱেগসমূহ বৃদ্ধি পায়। কেতিয়াবা তেওঁলোকে আৱেগক প্ৰশয় দিয়ে।ফলত জীৱনটো আৱেগে পৰিচালিত কৰে।কেতিয়াবা আৱেগক বেছিকৈ ঠাই দিয়াৰ ফলত নকৰিবলগীয়া কামো কৰা পৰিলক্ষিত হ’য়। ইয়াৰ উপৰিও তেওঁলোকৰ মনত বিদ্ৰোহী মনোভাৱে ঠাই ল’য়। পৰিয়াল, অভিভাৱক, জেষ্ঠ্যজন আদিৰ কথা শুনিবলৈ টান পায়। যদি তেওঁলোকে কিবা ভাল উপদেশ দিয়ে। কিশোৰ কিশোৰীসকলে শুনিবলৈ টান পায়। যদি কেতিয়াবা তেওঁলোকে কৰিব বিচৰা কামটো কৰাত বাধা দিয়া হয়, তেতিয়া তেওঁলোকৰ মনত জেদ ভাৱৰ সৃষ্টি হয়। আৰু যাৰ ফলত আমাৰ সমাজত বহুতো অপৰাধো সংঘটিত হোৱা দেখা যায়। এইখিনি সময়ত তেওঁলোকক গালি পৰা বা দাবী-ধমকি দি শিকোৱাতকৈ মৰমেৰে বুজালে বেছি ফলপ্রসূ হ’ব। কিশোৰ-কিশোৰীসকলৰ মাজত বহুতো প্ৰতিভা লুকাই থাকে। হয়তো কেতিয়াবা তেওঁলোকে সেই প্ৰতিভা সমূহ প্ৰদৰ্শন কৰিবলৈ উপযুক্ত সুযোগ সুবিধা নাপায়। গতিকে সকলোৰে দায়িত্ব যে তেওঁলোকৰ মাজত লুকাই থকা প্ৰতিভা সমূহ উলিয়াই অনাৰ।কিশোৰ-কিশোৰীসকলৰ মাজত অপৰিসীম শক্তি লুকাই থাকে। গতিকে তেওঁলোকে যদি এটা ভাল পথত গতি কৰে তেন্তে জীৱনত বহুতখিনি আগবাঢ়ি যাব পাৰিব।