ধুবুৰীৰ বি. এন. মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জয়

ধুবুৰীৰ বি. এন. মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জয়

ৰঙিলী বাৰ্ত্তাসেৱা-  ধুবুৰীৰ বি. এন. মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সাধাৰণ সম্পাদক, সহ: সাধাৰণ সম্পাদককে ধৰি সৰ্ব মুঠ সাতটিকৈ পদত বিজয়ী হ’বলৈ সক্ষম হয়। উক্ত নিৰ্বাচনৰ মাজতেই NSUI দলৰ সমৰ্থক সকলে নিজৰ প্ৰকৃত স্বৰূপ প্ৰদৰ্শন কৰি মহাবিদ্যালয় খনৰ নিৰ্বাচনৰ বেলত পেঁপাৰ চিঙি পেলোৱাৰ দৰে জঘন্য ঘটনা সংঘটিত কৰে। ধুবুৰীৰ প্ৰবল প্ৰতাপী সাংসদ ৰকিবুল হুছেইনৰ ছাত্ৰ সংগঠন NSUIয়ে এবিভিপিৰ হাতত এক মাত্ৰ পৰাজয়ৰ ভয়ত আজি মহাবিদ্যালয় খনত এনে অপ্ৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। পাছত এই ক্ষেত্ৰত প্ৰশাসনৰ হস্তক্ষেপত ঘটনা কিছুপৰিমানে সাম কাতে। এই ঘটনাৰ পাছত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে‌ মত প্ৰকাশ কৰে যে “আজিৰ ছাত্ৰ আৰু যুৱ সমাজ মৌলবাদী শক্তিৰ লগত নহয়, ৰাষ্ট্ৰবাদৰ সপক্ষে আৰু সেয়েহে NSUIৰ ইমান সমূহ দাদাগিৰিৰ পাছতো বিদ্যাৰ্থী পৰিষদে এনেদৰে বিজয়ী হ’বলৈ সক্ষম হয়।