ধুবুৰীৰ পৰিস্থিতিক লৈ উদ্বিগ্ন প্ৰদেশ কংগ্ৰেছ
ৰঙিলী বাৰ্ত্তাসেৱা– ধুবুৰীৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছে।তেওঁ কয় যে – ধুবুৰীত অশান্তি সৃষ্টি কৰিবলৈ অপৰাধ মুলক কাৰ্য্যত জড়িত দুস্কৃতিকাৰীক প্ৰশাসনে তৎপৰতাৰে চিনাক্ত কৰি কৰায়ত্ত কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। কিন্ত দোষীক কৰায়ত্ত কৰিবলৈ যাওঁতে কোনো নিৰীহ নাগৰিক যাতে অযথা হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ প্ৰতিও প্ৰশাসনে সূক্ষ্ম দৃষ্টি ৰখাতো প্ৰয়োজন । আমাৰ সৰ্বসাধাৰণ নাগৰিকৰ যেনেদৰে দেশৰ আইন আৰু ভাৰতীয় সংবিধানৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা তথা ৰক্ষা কৰাটো অন্যতম দায়িত্ব,তেনেদৰে সাংবিধানিক পদত অধিষ্ঠিত হৈ থকাসকলৰো একেই দায়িত্ব । সভাপতি গগৈয়ে দেশৰ সংবিধানৰ প্ৰতি শ্ৰদ্ধাশীল প্ৰতিগৰাকী ব্যক্তিলৈ এক আহ্বান জনাই কয় যে – আমি বিভিন্ন সম্প্ৰদায়ৰ ৰাইজৰ মাজত থকা পাৰস্পৰিক সদভাৱ,বিশ্বাস, আস্হা আৰু সম্প্ৰীতিৰ এনাজৰীডাল কেতিয়াও চিঙিবলৈ দিব নোৱাৰো৷ এই সময়ত আমি সকলোৱে কোনেও কাৰোবাৰ অনুভূতিত আঘাত দিব পৰা বা পাৰস্পৰিক বিশ্বাস ভংগ হ’ব পৰা কোনো ধৰণৰ কাম বা মন্তব্য নিদিয়াতো সময়ৰ দাবী। প্ৰৰোচনাূলক মন্তব্যৰ পৰিবৰ্তে এতিয়া ধৈৰ্য্য,সংযম,আস্থা আৰু পাৰস্পৰিক সদভাব তথা বিশ্বাস বৰ্তাই ৰখাতো অতিশয় প্ৰয়োজন।