ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক শাস্তিমূলক বদলি

ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক শাস্তিমূলক বদলি

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰৰ গৃহ বিভাগে গোলকগঞ্জত গণতান্ত্রিকভাবে প্রতিবাদ সাব্যস্ত কৰা নিৰীহৰ ওপৰত আৰক্ষীয়ে নির্বিচাৰ লাঠীচালনা-আক্রমণ কৰা ঘটনাক লৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বহু বিতর্কিত লীনা দলেক শাস্তিমূলক বদলি কৰা হ’ল। এই সন্দর্ভত গৃহ বিভাগে এক গুৰুত্বপূৰ্ণ নির্দেশনা জাৰি কৰে। নির্দেশনা অনুসৰি ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক পৰৱৰ্তী হুকুম নিদিয়া পর্যন্ত অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত সংলগ্ন কৰা হৈছে। লীনা দলেৰ পৰিৱৰ্তে সাময়িকভাৱে ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দায়িত্ব পালন কৰিব কাহিলিপাৰাস্থিত চতুর্থ অসম আৰক্ষী বাহিনীৰ অধিনায়ক দেৱাশিস বৰাই। উল্লেখ্য যে যোৱা ১০ ছেপ্টেম্বৰৰ সন্ধিয়া জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ সন্মুখৰ পৰা সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা (অক্রাছু)-এ এক জোঁৰ সমদল উলিয়াইছিল । শান্তিপূর্ণ আৰু গণতান্ত্রিকভাৱে এই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে প্রতিবাদকাৰীসকলৰ ওপৰত জঁপিয়াই পৰে আৰক্ষী বাহিনী। প্রতিবাদকাৰীসকলৰ ওপৰত নির্বিচাৰভাৱে লাঠীচালনা কৰা হয়। যাক লৈ ৰাজ্যজুৰি সৃষ্টি হয় তীব্র প্রতিক্ৰিয়াৰ। ইয়াৰ মাজতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ঘটনাৰ দিনা নিশাই গোলকগঞ্জত উপস্থিত হৈছিল মন্ত্রী জয়ন্ত মল্ল বৰুৱা। সমগ্র বিষয়টোক লৈ তাৎক্ষণিক পদক্ষেপ হিচাপে গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাক নিলম্বন কৰাৰ লগতে গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জিত লাহনক ৰিজার্ভ ক্ল’জ কৰা হৈছিল। একে সময়তে ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেৰ লগতে উপ-আৰক্ষী অধীক্ষক সীমান্ত বৈশ্য আৰু অম্বৰীশ শৰ্মাক তদন্তৰ আওতাত সামৰি লোৱাৰ কথা ঘোষণা কৰা হৈছিল। সমান্তৰালভাৱে অসম আৰক্ষীৰ এজন উপ-মহাপৰিদৰ্শকে ঘটনা সন্দৰ্ভত ৫ দিনৰ ভিতৰত তদন্ত প্রতিবেদন ৰাজ্য চৰকাৰক দাখিল কৰিব বুলি সদৰী কৰিছিল মন্ত্ৰী বৰুৱাই।