ধুবুৰীৰ জ্যেষ্ঠ অগপ নেতা অশোক কুমাৰ ৰায় প্ৰধানীৰ পদত্যাগ

ৰঙিলী বাৰ্ত্তাসেৱা- ধুবুৰী জিলাৰ জ্যেষ্ঠ অগপ নেতা তথা অগপৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ সভাপতি অশোক কুমাৰ ৰায় প্ৰধানীয়ে আজি অসম গণ পৰিষদ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা বুলি জানিব পৰা গৈছে। জ্যেষ্ঠ অগপ নেতা অশোক কুমাৰ ৰায় প্ৰধানীয়ে দলটোৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি অতুল বৰালৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। অশোক কুমাৰ ৰায় প্ৰধানীৰ সেই চমু পদত্যাগ পত্ৰখনত পদত্যাগ কৰাৰ কাৰণ উল্লেখ কৰা নাই যদিও অগপৰ গোলকগঞ্জৰ সভাপতিৰ দায়িত্বকে ধৰি সকলো পদৰ উপৰিও দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ আছে।উল্লেখ যোগ্য যে আগত ২০২৬ ৰ বিধান সভা নিৰ্বাচনত গোলকগঞ্জ সমষ্টিৰ পৰা অগপ দলৰ অন্যতম  প্ৰাৰ্থীত্ব প্ৰত্যাশী আছিল অশোক কুমাৰ ৰায় প্ৰধানী। আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে ৰায় প্ৰধানীৰ এই আকস্মিক পদত্যাগৰ ঘটনা কিন্তু তাৎপর্যপূর্ণ বুলিয়েই বিবেচিত হৈছে স্থানীয় ৰাজনৈতিক মহলত।