ধুবুৰীবাসীক বদৰুদ্দিন আজমলে অকল ভুৱা প্রতিশ্রুতিহে দিলেঃ সর্বানন্দ সোণোৱাল

ধুবুৰীবাসীক বদৰুদ্দিন আজমলে অকল ভুৱা প্রতিশ্রুতিহে দিলেঃ সর্বানন্দ সোণোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা-  ৭ মে’ত অনুষ্ঠিত হ’ব লগা তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে গৌৰীপুৰৰ মহামায়া খেলপথাৰত বিজেপি মিত্ৰজোঁটৰ অগপ প্রার্থী জাবেদ ইছলামৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে। ভাৰতীয় জনতা পার্টী, অগপ, ইউপিপিএল মিত্ৰজোঁটৰ ধুবুৰী লোকসভাৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নির্বাচনী জনসভাত অংশগ্রহণ কৰি প্ৰাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে ধুবুৰী লোকসভাৰ উন্নয়নৰ বাবে কংগ্ৰেছ নাইবা এআইইউডিএফৰ সাংসদে দীর্ঘবছৰে কোনো কামেই নকৰিলে। ১৫টা বছৰে ধুবুৰীৰ সাংসদ হিচাপে এআইইউডিএফৰ নেতা বদৰুদ্দিন আজমলে ধুবুৰী লোকসভাবাসীক অকল ভুৱা প্রতিশ্রুতিহে দিলে। সাংসদ পুঁজিৰ কামতো আজমলে ১৫টা বছৰে ব্যাপক অনিয়ম আৰু দুর্নীতিত লিপ্ত হৈছিল। কিন্তু নৰেন্দ্ৰ মোদী দেশৰ – প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা ধুবুৰী জিলাৰ উন্নয়নৰ ক্ষেত্ৰত বহুখিনি কাম কৰিলে। ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ কাম, ধুবুৰী মেডিকেল কলেজ, ধুবুৰী জাহাজঘাট, ৰূপসী বিমানবন্দৰৰ কাম মোদী চৰকাৰৰ দিনতে হৈছে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱালে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে  সভাখনত উপস্থিত হোৱা ৰাইজক নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰাৰ বাবে বিজেপি মিত্ৰজোঁটৰ অগপ প্রার্থী জাবেদ ইছলামক ভোট দিয়াৰ বাবে আহ্বান জনায়। সৰ্বানন্দ সোণোৱালে কয় যে এআইইউডিএফ আৰু কংগ্ৰেছ এই দুয়োটা দলৰ প্ৰাৰ্থীক ভোটত জিকালে ধুবুৰীবাসীৰ কিন্তু কোনো লাভ নহ’ব। ভ্রষ্টাচাৰ আৰু দুর্নীতিত এআইইউডিএফ আৰু কংগ্ৰেছ দুয়োটা দলেই সমানে পার্গত। তেওঁ লগতে কয়, ‘আমাক লাগে এখন স্বচ্ছ আৰু উন্নত ভাৰত। আৰু সেয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে সম্ভব। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষই বিকাশৰ পথত আগবাঢ়িছে। দেশ বচাবলৈ হ’লে আগতে নৰেন্দ্ৰ মোদীক এইবাৰৰ লোকসভা নির্বাচনত জয়ী কৰাব লাগিব। তেতিয়াহে সুস্থ গণতন্ত্ৰৰ চৰকাৰ দেশত বর্তি থাকিব।’ উক্ত সভাখনত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰমেন ডেকা সমন্বিতে অগপ দলৰ নেতৃত্বয়ো অংশ লয়।